March 28, 2023, 7:49 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

পূৱ বৰপথাৰ গাওঁ পঞ্চায়তত সংঘটিত দুৰ্নীতিৰ তদন্ত ঘোষণা মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ

Reporter Name
  • Update Time : Tuesday, June 9, 2020
  • 170 Time View

গোলাঘাটঃ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি অৱলম্বন কৰাৰ কথা উল্লেখ কৰি আহিলেও ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যাপক হাৰত দুৰ্নীতি সংঘটিত হৈ অহাৰ সময়ে সময়ে অভিযোগ উত্থাপন হৈ আহিছে৷ বিশেষকৈ ৰাজ্যখনৰ পঞ্চায়তসমূহত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈ অহাৰ মাজতে গোলাঘাট জিলাৰ সৰুপথাৰ বিধানসভা সমষ্টিৰ পূৱ বৰপথাৰ গাওঁ পঞ্চায়তত দুৰ্নীতি সংঘটিত হোৱা বুলি উত্থাপিত অভিযোগৰ তদন্ত কৰাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷

খোদ শাসকীয় দলৰে একাংশ নেতা-কৰ্মীয়ে পঞ্চায়তত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰাৰ পিছতে মুখ্যমন্ত্ৰী সোণোৱালে গুৰুত্বসহকাৰে লৈছে এই অভিযোগক৷ দুৰ্নীতি সংঘটিত হোৱাত ৰাইজ জাঙুৰ খাই উঠাৰ লগতে মুখ্যমন্ত্ৰী সোণোৱালে তদন্ত ঘোষণা কৰাত পঞ্চায়তবাসী তথা বিজেপিৰ নেতা-কৰ্মীয়ে মুখ্যমন্ত্ৰীৰ শলাগ লয়৷

মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ নিৰ্দেশ মৰ্মে ইতিমধ্যে পঞ্চায়ক খনত সংঘটিত দুৰ্নীতিৰ তদন্ত আৰম্ভ হৈছে৷ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ নিৰ্দেশ অনুসৰি সোমবাৰৰ পৰা তদন্ত আৰম্ভ হৈছে৷ গোলাঘাট দক্ষিন উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া দ্বিজেন বৰাৰ নেতৃত্বত এটা দলে পঞ্চায়তখনত তদন্ত আৰম্ভ কৰিছে৷ উল্লেখ্য যে শাসনাধিষ্ট বিজেপি দলৰ সদস্যৰে গঠিত পূৱ বৰপথাৰ গাওঁ পঞ্চায়তৰ সভাপতি দেবানন্দ শইকীয়াই ৱাৰ্ড সদস্যসকলক আন্ধকাৰত ৰাখি পঞ্চায়ত সচিব জাকিৰ হুছেইনৰ লগত মিলি ব্যাপক দুৰ্নীতিত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰিছিল খোদ বিজেপি দলৰে নিৰ্বাচিত আন একাংশ ৱাৰ্ড সদস্যই৷

পঞ্চায়তখনৰ নিৰ্বাচিত ১০ জন ৱাৰ্ড সদস্যৰ ভিতৰত ৯ জনেই অনাস্থা প্ৰস্তাৱো উত্থাপন কৰিছিল সভাপতি দেৱানন্দ শইকীয়াৰ বিৰুদ্ধে৷ অভিযোগ অনুসৰি সভাপতি দেবানন্দ শইকীয়া আৰু সচিব জাকিৰ হুছেইনে পঞ্চায়তৰ বাবে আৱণ্টিত ধন নিজ ইচ্ছা অনুসৰি খৰচ কৰিছে৷ বহু আঁচনিৰ কাম নকৰাকৈয়ে আৰু বহু আঁচনিৰ কিঞ্চিৎ কাম কৰিয়েই ধন উলিয়াইছে সভাপতিগৰাকেীয়ে৷ এই ক্ষেত্ৰত ৱাৰ্ড সদস্যসকলে প্ৰতিবাদ কৰিলেও সভাপতিগৰাকীয়ে অশ্লীল গালি গালাজেৰে সদস্যসকলক অপমান কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে ৱাৰ্ড সদস্যসকলে৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে