ডিজিটেল সংবাদ, বেবেজীয়া– সদৌ অসম কৰ্মচাৰী পৰিষদৰ ৩৭ সংখ্যক বাৰ্ষিক অধিবেশনখনি শিলচৰ জিলা কৰ্মচাৰী পৰিষদৰ আতিথ্যত যোৱা ১৬, ১৭ আৰু ১৮ মে’ত অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছিল ৷ কিন্তু সেই সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে শিলচৰ আৰু ডিমা হাচাও জিলাত হোৱা নেৰানেপেৰা বৃষ্টিপাতৰ বাবে পথ যোগাযোগ সুচল নোহোৱাৰ বিপৰীতে গুৱাহাটী-শিলচৰৰ মাজৰ ৰে’ল চলাচল ৰে’লৱে কৰ্তৃপক্ষই বাতিল কৰাত দূৰদূৰণিৰ প্ৰতিনিধিসকলৰ যাতায়াতৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তাৎক্ষণিকভাবে অধিবেশনখনি স্থগিত ৰখা হৈছিল ৷ তদুপৰি শেহতীয়া বানে শিলচৰ চহৰকে ধৰি সমগ্ৰ ৰাজ্যখনতে বিস্তৰ ক্ষতিসাধন কৰে ৷ তৎস্বত্বেও কৰ্মচাৰী পৰিষদৰ সাংগঠনিক দিশৰ প্ৰতি লক্ষ্য ৰাখি পূৰ্বৰ তিনিদিনীয়া কাৰ্যসূচীৰ পৰিৱৰ্তে অহা ২৭ আৰু ২৮ আগষ্টত দুদিনীয়া সীমিত কাৰ্যসূচীৰে বাৰ্ষিক অধিবেশনখন শিলচৰতে অনুষ্ঠিত কৰাৰ বাবে নতুনকৈ সিদ্ধান্ত গ্ৰহন কৰা হৈছে ৷ এক বিবৃতিৰ জৰিয়তে কৰ্মচাৰী পৰিষদৰ সভাপতি প্ৰদীপ দত্ত আৰু ভাৰপ্ৰাপ্ত সম্পাদক প্ৰধান শ্যামন্ত দাসে এই বিষয়ে জানিবলৈ দিছে ৷ ক’ভিড মহামাৰী আৰু প্ৰলয়ংকৰী বানৰ পিছত অনুষ্ঠিত হ’বলগীয়া অধিবেশনৰ কাৰ্যসূচীৰ সন্দৰ্ভত পৰিষদৰ সভাপতি আৰু ভাৰপ্ৰাপ্ত সম্পাদক প্ৰধানে জনোৱা মতে, ২৭ আগষ্টৰ দুপৰীয়া ১-৩০ বজাত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা, বিয়লি ৩ বজাত সাধাৰণ সভাৰ প্ৰথম বৈঠক আৰু সন্ধিয়া ৬-৩০ বজাত সাধাৰণ সভাৰ দ্বিতীয় বৈঠক অনুষ্ঠিত হ’ব ৷ সেইদৰে ২৮ আগষ্টত পুৱা ৮ বজাত পতাকা উত্তোলন, শ্বহীদ বেদীত বন্তি প্ৰজ্বলন আৰু ১০ বজাত সাধাৰণ সভাৰ অন্তিম বৈঠকত বিষয়-বাচনি সভা অনুষ্ঠিত হ’ব ৷ গতিকে, ২৮ আগষ্টৰ সন্ধিয়া ৬ বজাৰ ভিতৰত সামৰণি পৰিবলগীয়া অধিবেশনত কেন্দ্ৰীয় সমিতিৰ সকলো বিষয়-ববীয়া আৰু সদস্য, প্ৰতিখন জিলা কৰ্মচাৰী পৰিষদৰ ৮ গৰাকী নিৰ্বাচিত প্ৰতিনিধি আৰু পৰিষদৰ সদস্যভুক্ত শিক্ষক, শ্ৰমিক কৰ্মচাৰী সংগঠনসমূহৰ ৩ গৰাকীকৈ প্ৰতিনিধি উপস্থিত থাকি অধিবেশনখনি সাফল্যমণ্ডিত কৰি তুলিবৰ বাবে পৰিষদৰ সভাপতি আৰু ভাৰপ্ৰাপ্ত সম্পাদক প্ৰধানে সহযোগিতা কামনা কৰাৰ লগতে অধিবেশনত দৰ্শক প্ৰতিনিধিৰ ব্যৱস্থা নাথাকিব বুলি বিবৃতিটোৰ জৰিয়তে লগতে জানিবলৈ দিছে ৷