নুমলীগড়ঃ উজনিত অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে খৰ্গহস্ত হৈ পৰিছে কেইবাটাও দল-সংগঠন৷ বাঘজানত তৈল খাদত বিস্ফোৰণ সংঘটিত হৈ দুগৰাকীকৈ লোকে প্ৰাণ হেৰুওৱাৰ লগতে কেইবা হাজাৰ লোকে শৰণাৰ্থী শিবিৰত থাকিবলগীয়া হোৱাৰ সময়তে পূৰ্বপুৰুষ ইতিহাস বিজড়িত ৰজাদিনীয়া গড় খান্দি তেলৰ পাইপ বহুওৱাৰ ঘটনাই তীব্ৰ চাঞ্চ্যলৰ সৃষ্টি কৰিছে৷
নুমলীগড়ৰ ঐতিহাসিক নুমলীকুঁৱৰী গড় খান্দি ধ্বংস কৰা কাৰ্যৰ চাঞ্চল্য অব্যাহত থকাৰ সময়তে চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি ধীৰাজ গোৱালাই উক্ত ঠাই ভ্ৰমণ কৰে৷ ধীৰাজ গোৱালাৰ নেতৃত্বত এটা প্ৰতিনিধি দলে উক্ত অঞ্চল ভ্ৰমণ কৰি অইলৰ এনে কাণ্ডক ধিক্কাৰ দিয়ে৷ অসমীয়া জাতিৰ আবেগ জড়িত হৈ থকা ৰজাদিনীয়া গড় খান্দি পেলোৱা কাৰ্যক ধিক্কাৰ দি এই কাণ্ড সংঘটিত কৰা অইল বিষয়াৰ বিৰুদ্ধে তদন্ত কৰি শাস্তিৰ পোষকতা কৰে৷ অঞ্চল পৰিদৰ্শন কৰি অইলৰ এনে কাৰ্য বন্ধ কৰিবলৈ দাবী জনাই অইলক ঐতিহাসিক সম্পদত হাত নিদিবলৈ কঠোৰ সকীয়নি প্ৰদান কৰে আটছাই।