March 23, 2023, 9:41 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

পূব-বৰপথাৰ পঞ্চায়তৰ সভানেত্ৰীৰ দায়িত্ব গীতামণিক, দুৰ্নীতিৰ অভিযোগ ভিত্তিহীনঃ দেবানন্দ

Reporter Name
  • Update Time : Friday, July 17, 2020
  • 97 Time View

সৰুপথাৰ/বৰপথাৰঃ গোলাঘাট জিলাৰ সৰুপথাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত পূব বৰপথাৰ গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে দুৰ্নীতিত লিপ্ত থকাৰ অভিযোগ উত্থাপন হৈছে৷ ব্যাপক দুৰ্নীতি সংঘটিত কৰি কেইবা লাখ টকা লুটি খোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ এই অভিযোগৰ পিছতে ৮জন ৱাৰ্ড সদস্যই আনাস্থা আনিছিল পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে।

একাংশ ৱাৰ্ড সদস্যই সভাপতি আৰু সচিবে পঞ্চায়তখনৰ আৱণ্টিত ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰাৰ পিছতে মুখ্যমন্ত্ৰীৰ তদন্ত ঘোষণা কৰা হয়। মুখ্যমন্ত্ৰী তদন্ত ঘোষণাৰ পিছতে পূব বৰপথাৰ গাঁও পঞ্চায়তৰ সভাপতি দেবানন্দ শইকীয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ ভুৱা আৰু ভিত্তিহীন আখ্যা দি একাংশই তেওঁক পদৰ পৰা অপসাৰণ কৰিবলৈ অভিসন্ধি চলাইছে বুলি মত ব্যক্ত কৰিছিল। ওলোটাই চিবিআইৰ তদন্ত কৰি দোষীক উচিত শাস্তি দিবলৈ মুখ্যমন্ত্ৰীলৈ দাবী জনাই পঞ্চায়তৰ সভাপতি দেবানন্দ শইকীয়াই।

তাৰ মাজতে পূৱ বৰপথাৰ গাঁও পঞ্চায়তৰ অচলাৱস্থাৰ অন্ত পৰে। পঞ্চায়তখনৰ সভাপতি দেৱানন্দ শইকীয়াক অপসাৰণ কৰি সভাপতিৰ আসনত বহে পঞ্চায়তখনৰ উপ-সভানেত্ৰী গীতামণি পেগু ৰেগনে। গোলাঘাট জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া অভিজিৎ বৰুৱাই প্ৰেৰণ কৰা জিজেদপিএ(স)৫২/২০১৬-১৭/অংশ/২/৪৭৬ নিৰ্দেশ পত্ৰ যোগে সভাপতি দেৱানন্দ শইকীয়াৰ পদৰ পৰা অপসাৰিত কৰি ৯নং ৱাৰ্ডৰ সদস্যা তথা উপ-সভানেত্ৰী গীতামণি পেগু ৰেগনক ভাৰপ্ৰাপ্ত সভানেত্ৰীৰ দায়িত্ব অৰ্পণ কৰে।

বুধবাৰে পঞ্চায়ত কাৰ্যালয়ত এখন সভা অনুষ্টিত কৰি আনুষ্ঠানিক ভাৱে গীতামণি পেগু ৰেগনে ভাৰপ্ৰাপ্ত দায়িত্বভাৰ গ্ৰহণ কৰে। উল্লেখ্য যে, যোৱা ২৩ জুনত উন্নয়ন খণ্ডৰ কাৰ্যালয় কক্ষত অনুষ্ঠিত এখন সভাত ১০গৰাকী ৱাৰ্ড সদস্যই পঞ্চায়ত সভাপতি দেৱানন্দ শইকীয়াৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিছিল৷ ফলত সংখ্যাগৰিষ্ঠতা হেৰুওৱা সভাপতিগৰাকীয়ে পদবী হেৰুৱাব লগীয়া হয়৷ পঞ্চায়তখনত সভাপতি নথকাৰ বাবে অচলাৱস্থা বিৰাজ কৰিছিল৷ অৱশেষত ভাৰপ্ৰাপ্ত সভানেত্ৰী ৰূপে গীতামণিয়ে দায়িত্ব গ্ৰহণ কৰাত অচলাৱস্থা দূৰ হোৱাৰ কামনা কৰিছে ৰাইজে৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে