ৰজনীকান্ত পাংগিংঃ শিৱসাগৰৰ ঐতিহাসিক শিৱদৌল প্ৰাংগনৰ পুৰণি গছ কাটি তহিলং কৰাৰ লগতে শিৱ লিংগ স্থানান্তৰ কৰাত বিতৰ্ক। ‘শিৱসাগৰক ৰক্ষা কৰক, শিৱসাগৰক নিৰ্মাণ কৰক’ শীৰ্ষক শ্ল’গান দি সংবাদ মেল শিৱসাগৰৰ গণ্য-মান্য লোকৰ৷ শিৱসাগৰ যুৱদল প্ৰেক্ষাগৃহত আজি আয়োজিত শিৱসাগৰক ৰক্ষা কৰো আহক শীৰ্ষক এক সংবাদ মেল সম্বোধন কৰে শিৱসাগৰৰ একাংশ গণ্য-মান্য লোকে৷ শিৱসাগৰীয়া ৰাইজৰ আবেগ অনুভূতি জড়িত হৈ থকা দৌল প্ৰাংগনৰ পুৰণি গছকাটি তহিলং কৰাৰ লগতে শিৱলিংগ স্থানান্তৰ কৰিব খোজাত জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজ৷
বিগত বৰ্ষত শিৱসাগৰ চহৰৰ মাজমজিয়াৰ শিৱদৌল, দেৱী দৌল আৰু বিষ্ণু দৌল প্ৰাংগনস্তিত পুৰণি বৃহৎ বৃহৎ গছসমূহ কাটি পেলোৱা হৈছে৷ যাক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছিল বিতৰ্কৰ। ইয়াৰ পিছতে বিতৰ্কত সাঙুৰ খাই পৰে দৌল উন্নয়ন সমিতি৷ বৃহৎ বৃহৎ গছসমূহৰ শিপাই শিৱদৌলৰ আন্তঃগাঁঠনিৰ ক্ষতি ক্ষতিসাধন কৰাৰ বাবে ভাৰতীয় পুৰাতত্ত্ব বিভাগৰ নিৰ্দেশতহে গছসমূহ কটাৰ লগতে বিশ্ব ঐতিহ্য ক্ষেত্ৰত স্থান লাভ কৰাৰ স্বাৰ্থত পুৰাতত্ত্ব বিভাগৰ নীতি নিৰ্দেশনা মানি শিৱদৌলৰ ভিতৰত টাই’লছ আৰু শিৱলিংগ আতৰ কৰে৷
ইয়াৰ বিপৰীতে জয়ন্ত শৰ্মা নামৰ এজন ব্যক্তিৰ আৰটিআইৰ তথ্যত পোহৰলৈ অহা মতে, কেন্দ্ৰীয় পুৰাতত্ত্ব বিভাগৰ নিৰ্দেশটো দুৰৰ কথা পুৰাতত্ত্ব বিভাগৰ অজ্ঞাতে কটা হৈছিল দৌল প্ৰাংগনৰ দুৰ্লভ নাগেশ্বৰ, ৰুদ্ৰাক্ষ আৰু বেলগছসমূহ।
প্ৰকৃততে শিৱসাগৰবাসীক অন্ধকাৰত ৰাখি পুৰাতত্ত্ব বিভাগৰ অজ্ঞাতে দৌল উন্নয়ন সমিতিয়ে দৌল প্ৰাঙ্গনৰ মূল্যবান গছসমুহ কটাৰ লগতে শিৱ লিংগ আতৰাই দিয়াৰ তথ্য আৰটিআইৰ জড়িয়তে পোহৰলৈ অহাৰ লগে লগে শিৱসাগৰৰ বহুকেইজন জ্যেষ্ঠ নাগৰিকে মুখ্যমন্ত্ৰীক লিখিত অভিযোগ দাখিল কৰিছিল। অভিযোগৰ ভিত্তিত মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে শিৱসাগৰ জিলা উপায়ুক্তক নিজাববীয়াকৈ তদন্তৰ নিৰ্দেশ দিছে।
শিৱসাগৰৰ জ্যেষ্ঠ নাগৰিকসকলে আজি সংবাদমেল সম্বোধন কৰি অভিযোগ উত্থাপন কৰি নিৰপেক্ষ তদন্তৰ লগতে শিৱসাগৰবাসীৰ আবেগ অনুভূতিৰে জড়িত এই কাণ্ডৰ প্ৰকৃত দোষীক উচিত শাস্তি বিহাৰ দাবী উত্থাপন কৰে।
উল্লেখ্য যে, কেন্দ্ৰীয় পুৰাতত্ত্ব বিভাগৰ অনুমতি অবিহনে গজাল এটাও মাৰিব নোৱাৰা কেন্দ্ৰীয় পুৰাতত্ত্ব বিভাগৰ সম্পূৰ্ণ অধীন শিৱদৌল প্ৰাংগনৰ গছকটা আৰু দৌলৰ ভিতৰত শিৱলিংগ আতৰাই পেলোৱাৰ লগতে শিৱলিংগ পুনৰ প্ৰতিষ্ঠা কৰা আদি কাৰ্য কেন্দ্ৰীয় পুৰাতত্ত্ব বিভাগৰ অজ্ঞাতে হোৱা বুলি প্ৰকাশিত আৰটিআই তথ্য আৰু বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰাৰ স্বাৰ্থত ঐতিহাসিক নিৰ্মাণ কাৰ্যৰ ওপৰত স্থাপন কৰা টাই’লছ আদি আতৰ কৰাৰ ঠিকা আৱণ্টন দিয়া পুৰাতত্ত্ব বিভাগৰ আৱণ্টন পত্ৰৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে দৌল উন্নয়ন সমিতিৰ সভাপতিৰ দায়িত্বত থকা জিলা উপায়ুক্তগৰাকীকে নিজাববীয়াকৈ তদন্তৰ নিৰ্দেশ দিয়া কাৰ্যই সমগ্ৰ ঘটনাটোকে ৰহস্যৰ আৱৰ্তলৈ নিছে।