March 23, 2023, 8:51 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

পুৰণি নেতা-কৰ্মীক এলাগী : অজন্তাৰ বিৰুদ্ধে একনায়কত্বৰ অভিযোগ গোলাঘাট বিজেপিৰ

Reporter Name
  • Update Time : Sunday, January 22, 2023
  • 18 Time View

ডিজিটেল ডেস্ক : কংগ্ৰেছ এৰি বিজেপিলৈ অহা তথা বৰ্তমানৰ বিজেপিৰ মন্ত্ৰী অজন্তা নেওগৰ বিৰুদ্ধে উত্থাপন হৈছে একনায়কত্ব ৰাজনীতি চলোৱাৰ অভিযোগ৷ গোলাঘাট সমষ্টিত পুৰণি বিজেপি কৰ্মীক এলাগী কৰি অজন্তা নেওগ এণ্ড কোম্পানীয়ে একনায়কত্ববাদ চলোৱাৰ অভিযোগ উঠিছে৷ এই অভিযোগ উত্থাপন কৰি ৰাজ্যিক কৃষাণ মৰ্চাৰ সভাপতি দেৱজিত বৰাই৷

ভাৰতীয় জনতা পাৰ্টীত কোনো ব্যক্তিকেন্দ্ৰিক, একনায়কত্ববাদৰ ৰাজনীতি নচলে আৰু গোলাঘাট সমষ্টিটো তেনে ৰাজনীতি কৰিবলৈ দিয়া নহ’ব বুলি গোলাঘাট সমষ্টিৰ বিধায়িকা তথা বিত্তমন্ত্ৰী অজন্তা নেওগক মুকলিলৈ হুংকাৰ দিয়ে দেৱজিত বৰাই৷ গোলাঘাটত অজন্তা নেওগৰ বিৰুদ্ধে মুকলি বিষোদগাৰ প্ৰদৰ্শন কৰি শনিবাৰে মেৰাপানীত এখন সংবাদমেল আয়োজন কৰে এই হুংকাৰ দিয়ে ৰাজ্যিক বিজেপিৰ কৃষাণ মৰ্চাৰ সভাপতিজনে৷

উল্লেখ্য যে গোলাঘাট বিজেপিৰ ভিতৰচ’ৰাত দীৰ্ঘদিন ধৰি উমি উমি জ্বলি থকা জুই কুৰা শেহতীয়াকৈ প্ৰতিফলন ঘটিল পুৰণি বিজেপি নেতা দেৱজিত বৰাৰ মুখত৷ বৰাই সংবাদ মাধ্যমৰ আগত কয় যে কোনো কাৰণতেই গোলাঘাটত ব্যক্তিকেন্দ্ৰিক ৰাজনীতি কৰিবলৈ দিয়া নহ’ব৷ আনহাতে স্থানীয় ৰাইজে দীৰ্ঘদিন ধৰি এটা ৰাজহুৱা ভৱনক লৈ কৰা অভিযোগ সম্পৰ্কতো দেৱজিত বৰাই কয় যে মেৰাপানীস্থিত নগেন নেওগ ৰাজহুৱা ভৱনটো কোনো কাৰণতেই কংগ্ৰেছ বা বিজেপি দলৰ দলীয় কাৰ্যালয় নহয়৷ সম্পূৰ্ণ চৰকাৰী ধনেৰে নিৰ্মাণ কৰা ভৱনটো অজন্তা নেওগৰ কংগ্ৰেছী বিধায়কৰ কাৰ্যকালত নিৰ্মাণ কৰি কৰ্মশ্ৰী নগেন নেওগ ভৱন বুলি নামকৰণ কৰি কংগ্ৰেছৰ মণ্ডল কাৰ্যালয় হিচাপে ব্যৱহাৰ কৰি আহিছিল আৰু পৰৱৰ্তী সময়ত অজন্তা নেওগ বিজেপিলৈ যোৱাৰ পাছত কংগ্ৰেছীসকলক উৎখাত কৰি বিধানসভাৰ নিৰ্বাচনৰ আগত আৰু পাছত বিজেপিৰ কাৰ্যালয় হিচাপে ব্যৱহাৰ কৰি আহিছে৷ এই সন্দৰ্ভত বৰাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি পুনৰ কয় যে প্ৰয়াত নগেন নেওগ যিহেতু কংগ্ৰেছ দলৰ পৰা জয়ী হৈ মন্ত্ৰী-বিধায়ক হৈছিল, গতিকে মৃত্যুৰ পাছত মানুহৰ দল সলনি নহয় আৰু বিজেপিয়ে কোনো কাৰণতেই এটা দলীয় কাৰ্যালয়ৰ নামকৰণ এজন কংগ্ৰেছী নেতাৰ নামত নকৰে৷ যদি বিজেপিৰ কাৰ্যালয় হয় তেন্তে তাৰ নাম পদ্মভৱন, বাজপায়ী ভৱন অথবা দীনদয়াল উপাধ্যায় ভৱন হ’ব বুলিহে তীৰ্যক মন্তব্য কৰে৷

২০২১ চনত পোন প্ৰথমবাৰৰ বাবে গোলাঘাট সমষ্টিৰ পৰা অজন্তা নেওগে বিজেপি দলৰ হৈ জয়লাভ কৰি মন্ত্ৰী হোৱাৰ পাছতেই এলাগী হৈ পৰিল পুৰণা নেতা-কৰ্মীসকল৷ সম্প্ৰতি গোলাঘাট সমষ্টিত পুৰণা বিজেপি কৰ্মীক এলাগী কৰি মন্ত্ৰী অজন্তা নেওগে ন-বিজেপি কৰ্মীক সকলোতে আগ আসন দিয়া কাৰ্যত ক্ষোভিত হৈ পৰিছে দেৱজিত বৰাৰ সহিতে বিজেপিৰ পুৰণা কাৰ্যকৰ্তাসকল৷ এইক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ লগতে ৰাজ্যিক বিজেপিৰ নেতৃত্বকো অভিযোগ দাখিল কৰিছে দেৱজিত বৰাই৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে