ডিজিটেল ডেস্কঃ ২০১৯ৰ ১৪ ফেব্ৰুৱাৰীত জম্মু-কাশ্মীৰৰ পুলৱামাত চিআৰপিএফ জোৱানৰ কনভয়ত সন্ত্ৰাসবাদীয়ে সংঘটিত কৰা আক্ৰমণ গোচৰত মঙলবাৰে চাৰ্জ শ্বিট দাখিল কৰিছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা এনআইএ-য়ে। মুঠ ১৩জন সন্ত্ৰাসবাদীক অভিযুক্ত হিচাপে লৈ এনআইএ-য়ে দাখিল কৰা এই চাৰ্জশ্বিটখন হৈছে ১৩,৫০০ পৃষ্ঠাৰ।
জানিব পৰা মতে, এনআইএৰ চাৰ্জশ্বিটত পাক সমৰ্থিত সন্ত্ৰাসবাদী সংগঠন জৈছ-এ-মহম্মদৰ অধ্যক্ষ মৌলানা মাছুদ আজহাৰৰ নামো অন্তৰ্ভূক্ত কৰা হৈছে। পুলৱামা কাণ্ড সংঘটিত হোৱাৰ পিছৰে পৰা এনআইএ-য়ে এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছিল।
উল্লেখ্য যে, ২০১৯ৰ ১৪ ফেব্ৰুৱাৰীত পুলৱামাত চিআৰপিএফ জোৱানৰ কনভয়ত এক আত্মঘাটী বিস্ফোৰণ সংঘটিত কৰিছিল সন্ত্ৰাসবাদীয়ে। এই ঘটনাত ৪০ গৰাকী চিআৰপিএফ জোৱান শ্বহীদ হৈছিল।