ডিজিটেল ডেস্কঃ ২০১৯ৰ ১৪ ফেব্ৰুৱাৰীত পুলৱামাত চিএৰপিএফ জোৱানৰ ওপৰত সংঘটিত আত্মঘাটী আক্ৰমণৰ বাবদ ১০ লাখ টকা প্ৰদান কৰা হৈছিল জৈছ-এ-মহম্মদৰ অধ্যক্ষ মাছুদ আজহাৰৰ ভাতৃপুত্ৰ মহম্মদ ওমৰ ফাৰুকক। আক্ৰমণ সংঘটিত হোৱাৰ দুদিন পূৰ্বে এই ধনৰাশি ওমৰৰ পাকিস্তানত থকা দুটাকৈ বেংক একাউণ্টযোগে প্ৰদান কৰা হৈছিল। যোৱা ২৫ আগষ্টত পুলৱামা কাণ্ডক লৈ এনআইএ-য়ে দাখিল কৰা চাৰ্জশ্বিটত উল্লেখ কৰা হৈছে এই তথ্য।
এনআইএৰ তদন্তত পোহৰলৈ অহা অনুসৰি, পুলৱামা কাণ্ডৰ মূল খলনায়ক ওমৰ ফাৰুকৰ এলাইড বেংক আৰু মেজান বেংকৰ যোগেদি সেই ধন প্ৰেৰণ কৰা হৈছিল। পুলৱামা আক্ৰমণ সংঘটিত কৰাৰ বাবেই সেই ধন খৰছ কৰা হৈছিল বুলিও এনআইএয়ে চাৰ্জশ্বিটত উল্লেখ কৰিছে। মাছুদ আজহাৰৰ ভতিজা মহম্মদ ওমৰ ফাৰুকে সেই ধনৰ মুঠ ৬ লাখ টকা ব্যয় কৰি পুলৱামা আত্মঘাটী আক্ৰমণত ব্যৱহৃত মাৰুতি কাৰখন আৰু বিস্ফোৰক সামগ্ৰী ক্ৰয় কৰিছিল।
তদন্ত অনুসৰি, ২০০ কেজি বিস্ফোৰক ক্ৰয়ৰ বাবদ ওমৰ ফাৰুকে ২.৮০ লাখ টকা ব্যয় কৰিছিল। আনহাতে পুলৱামা আক্ৰমণত ব্যৱহৃত আৰডিএক্স, জিলেটিন ষ্টিক পাকিস্তানৰ পৰা লাভ কৰিছিল সন্ত্ৰাসবাদীয়ে। প্ৰণিধানযোগ্য যে, পুলৱামা আক্ৰমণৰ পিছত নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত নিহত হয় মহম্মদ ওমৰ ফাৰুক।
উল্লেখ্য যে, ১৪ ফেব্ৰুৱাৰীত জম্মু-কাশ্মীৰৰ পুলৱামাত চিআৰপিএফৰ কনভয়ত সংঘটিত হৈছিল এক আত্মঘাটী আক্ৰমণ। সন্ত্ৰাসবাদীৰ এই আক্ৰমণত ৪০ গৰাকী চিআৰপিএফ জোৱান শ্বহীদ হৈছিল। এই ঘটনাৰ পিছত কেন্দ্ৰীয় তদন্তকাৰী সংস্থা এনআইএয়ে তদন্ত চলাই যোৱা ২৫ আগষ্টত প্ৰায় ১৩,০০০ পৃষ্ঠাজোৰা চাৰ্জশ্বিট দাখিল কৰে। এই চাৰ্জশ্বিটত জৈছ-এ-মহম্মদৰ প্ৰধান মাছুদ আজহাৰৰ নামো উল্লেখ কৰা হৈছে।