প্ৰখ্যাত আইএএছ বিষয়া টিনা দাবি পুনৰ বিয়াত বহিব৷ ২০১৫ চনত ইউপিএছচিৰ শীৰ্ষস্থান দখল কৰিছিল টিনা দাবিয়ে৷ টিনাৰ দ্বিতীয় বিবাহৰ খবৰ পুনৰ চৰ্চালৈ আহিছে। প্ৰাক্তন স্বামী আৰু আইএএছ আথাৰ আমিৰ খানৰ সৈতে বিবাহ আৰু বিবাহ বিচ্ছেদৰ সময়তো চৰ্চালৈ আহিছিল৷ বিবাহ বিচ্ছেদৰ সাত মাহৰ পিছতে ৰাজস্থানৰ পুৰাতত্ত্ব বিভাগৰ সঞ্চালক প্ৰদীপ গন্দেভৰ সৈতে বিয়াত বহিব। প্ৰাক্তন স্বামী আথাৰ আমিৰ খানে বৰ্তমান কাশ্মীৰত কৰ্মৰত। শ্ৰীনগৰ পৌৰ নিগমৰ আয়ুক্ত আৰু শ্ৰীনগৰ স্মাৰ্ট চিটি লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়া। আথাৰে সামাজিক মাধ্যমত কামৰ সৈতে সম্পৰ্কিত পোষ্টিং কৰি থাকে।
আথাৰ আমিৰ খান মূলতঃ কাশ্মীৰৰ আৰু অনন্তনাগ জিলাৰ বাসিন্দা। মাত্ৰ ২৯ বছৰ বয়সৰ আথাৰৰ আইআইটি মাণ্ডিৰ পৰা বৈদ্যুতিক অভিযান্ত্ৰিকত বিটেক কৰে। ইয়াৰ পিছতে ইউপিএছচিৰ প্ৰস্তুতিত জড়িত হয় আৰু প্ৰথমবাৰৰ বাবে তেওঁ ৫৬০ তম স্থান লাভ কৰে। নিজৰ পদবীত সন্তুষ্ট নাছিল আৰু ২০১৫ চনত দ্বিতীয়বাৰৰ বাবে পৰীক্ষাত উত্তীৰ্ণ হৈছিল আৰু এইবাৰ দ্বিতীয় স্থানত দখল কৰে। সেই বছৰ টিনা দাবি শীৰ্ষস্থানত আছিল। দুয়োজনে একেলগে প্ৰশিক্ষণ লৈছিল আৰু এই সময়ছোৱাত দুয়ো ওচৰ চাপিছিল। দুয়োজনে ২০১৮ চনত বিবাহ পাশত আৱদ্ধ হৈছিল আৰু বিয়াই শিৰোনাম দখল কৰিছিল৷ কিন্তু সম্পৰ্ক সোনকালে তিক্ত হৈ পৰিছিল। দুয়োজনৰ সংঘাত আৰু অভিযোগৰ বাবে পুনৰ চৰ্চালৈ আহে৷ ২০২০ চনত দুয়োজনে বিবাহ বিচ্ছেদৰ বাবে আবেদন কৰি ২০২১ চনৰ আগষ্টত বিবাহ বিচ্ছেদ কৰে৷
প্ৰাক্তন স্বামী আথাৰ কামৰ বাবে জনপ্ৰিয়৷ বহু পুৰস্কাৰো লাভ কৰিছে। স্মাৰ্ট চিটি বঁটা ২০২২ লাভ কৰিছে৷ শ্ৰীনগৰ স্মাৰ্ট চিটিয়ে বছৰটোৰ শ্ৰেষ্ঠ মহানগৰৰ বঁটা লাভ কৰিছে। ২০২০ চনত আইআইটি মাণ্ডিয়ে আৰু ২০১৯ চনত ভিলৱাৰা জিলা প্ৰশাসনে যুৱ সফলতা লাভকাৰী ৰূপে সন্মানিত কৰে। আথাৰৰ ইনষ্টাগ্ৰামত ৫ লাখ ৫০ হাজাৰ, টুইটাৰত ১ লাখ আৰু ফেচবুকত ১.৭ লাখতকৈও অধিক অনুসৰণকাৰী আছে।