গুৱাহাটীঃ কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশত লক-ডাউন শিথিল কৰাৰ পিছতে ক্ৰমান্বয়ে বৃদ্ধি হৈছে ক’ৰোনা ৰোগীৰ সংখ্যা৷ দেশত ৰোগীৰ সংখ্যা ২ লাখ অতিক্ৰম কৰিছে৷ প্ৰতিখন ৰাজ্যত ৰোগীৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি হোৱাৰ দৰেই অসমতো ভয়াবহ ৰূপ ধাৰণ কৰিছে ক’ৰোনাই৷
বৃহস্পতিবাৰৰ দুপৰীয়া পৰ্যন্ত অসমত মুঠ ৰোগীৰ সংখ্যা হৈ পৰিছে ১৮৭৭গৰাকী৷ বৃহস্পতিবাৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ১১ বাজি ৪০ বজাত এটা টুইট কৰি ৰাজ্যত পুনৰ ৪৭গৰাকী নতুনকৈ লোক ক’ৰোনা পজিটিভ পোৱাৰ কথা উল্লেখ কৰিছে৷
মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে, আক্ৰান্তসকলৰ ভিতৰত হোজাই জিলাৰ ৪০গৰাকী, বঙাইগাঁও জিলাৰ ৪গৰাকী, ধেমাজি জিলাৰ ৬গৰাকী, বাক্সা জিলাৰ এগৰাকী আৰু বৰপেটা জিলাৰ ৩গৰাকী লোক আক্ৰান্ত হৈছে৷ ৰাজ্যত সৰ্বমুঠ আক্ৰান্তৰ সংখ্যা ১৮৭৭ হোৱাৰ লগতে ইতিমধ্যে সুস্থ হৈ ৪১৩গৰাকী লোক ঘৰলৈ গৈছে৷ ১৪৫৭গৰাকী ৰোগী চিকিৎসাধীন হৈ থকাৰ লগতে ৪গৰাকী লোকৰ মৃত্যু হৈছে৷