গুৱাহাটীঃ দেশত লক-ডাউন শিথিল কৰাৰ পিছৰে পৰা ক্ৰমান্বয়ে বৃদ্ধি হৈছে ক’ৰোনা ৰোগীৰ সংখ্যা৷ দেশত ক’ৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা ২ লাখ ৫৮ হাজাৰ হৈছে৷ প্ৰতিখন ৰাজ্যত ৰোগীৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি হোৱাৰ দৰেই অসমতো ভয়াবহ ৰূপ ধাৰণ কৰিছে ক’ৰোনাই৷
সোমবাৰে দুপৰীয়া পৰ্যন্ত অসমত মুঠ ৰোগীৰ সংখ্যা হৈ পৰিছে ২৬৯৩গৰাকী৷ সোমবাৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এটা টুইট কৰি ৰাজ্যত পুনৰ ১২গৰাকী নতুনকৈ লোক ক’ৰোনা পজিটিভ পোৱাৰ কথা উল্লেখ কৰিছে৷
মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে, আক্ৰান্তসকলৰ ভিতৰত ৭ গৰাকী নগাঁও জিলাৰ আৰু ৫ গৰাকী বৰপেটা জিলাৰ৷ ৰাজ্যত সম্প্ৰতি ২০৫০ গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে৷ ৬৩৬গৰাকী ৰোগী সুস্থ হৈ ঘৰলৈ গৈছে৷ ৪গৰাকী ৰোগীৰ মৃত্যু হৈছে৷