গুৱাহাটীঃ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে নিশা টুইট যোগে জাৰি কৰা তথ্য মতে, মঙলবাৰৰ দিনটোত ৰাজ্যত ১৮৪৯গৰাকী কোভিড ৰোগী সুস্থ হৈ নিজ গৃহলৈ গৈছে৷ আৰোগ্য হোৱা ৰোগীসকলক নিজ স্বাস্থ্যৰ উপযুক্ত যত্ন লবলৈ অনুৰোধ জনােৱাৰ লগতে তেওঁলোকলৈ শুভেচ্ছা জ্ঞাপন কৰিছে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷ আনহাতে ৰাজ্যত মঙলবাৰৰ দিনটোত পুনৰ প্ৰাণ হেৰুৱাইছে ১০গৰাকী লোকৰ৷
কামৰূপ মহানগৰ জিলাৰ কলম ৰঞ্জন দত্ত (৭৮)
কামৰূপ মহানগৰ জিলাৰ বিনায়ক প্ৰসাদ চৰফ (৭৪)
কামৰূপ মহানগৰ জিলাৰ বিথি শৰ্মা (৭৮)
কামৰূপ মহানগৰ জিলাৰ যোগেশ্বৰ গগৈ (৫২)
তিনিচুকীয়া জিলাৰ গৌৰি গগৈ (৫৮)
কাৰ্বি আংলং জিলাৰ ব্ৰিতেন্দ্ৰ দৈমাৰী (৫৬)
বৰপেটা জিলাৰ জ্যোতিষ তালুকদাৰ (৫০)
লখিমপুৰৰ মহাবীৰ প্ৰসাদ শৰ্মা (৬০)
ডিব্ৰুগড় জিলাৰ চন্দ্ৰ প্ৰভা দাস (৭৩)
ডিব্ৰুগড় জিলাৰ এলিজা বেগম (৭০)
আটাইকেইগৰাকী লোক চিকিৎসাধীন অৱস্থাত মৃত্যুবৰণ কৰিছে৷ ইয়াৰে লগে লগে ৰাজ্যত মুঠ মৃত্যুৰ সংখ্যা বৃদ্ধি হৈ ৪৯২ হৈছে৷