কোকৰাঝাৰঃ ৰাজ্য চৰকাৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিটিচিত সোনকালে নিৰ্বাচন অনুষ্ঠিত নোহোৱাৰ লগতে বিটিচিক বিটিআৰ কৰা হ’ল বুলি ঘোষণা কৰাৰ পিছতে বিটিচিৰ ১৫ বছৰীয়া শাসক বিপিএফ দল সোচ্ছাৰ হৈ পৰিছে৷ মন্ত্ৰী হিমন্তই বিটিচিক এতিয়াৰে পৰা বিটিআৰ বুলি পৰিচিত হ’ব বুলি কোৱাৰ পিছতে হাগ্ৰামা মহিলাৰীয়ে শুকুৰবাৰে পুৱাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক নিৰ্বাচনী আয়ুক্ত নহয় বুলি কৈছিল৷ তাৰ পিছতে কোকৰাঝাৰত এখন সংবাদমেল অনুষ্ঠিত কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পুনৰ আক্ৰমণ কৰি আমি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকহে জানো বুলি কয়৷
হাগ্ৰামাৰ পুনৰ বিষ্ফোৰণ কৰি কয় যে বিটিচিক বিটিআৰ কৰা কাৰ্য অসাংবিধানিক। কড অব কনডাক্ট চলি থাকোতে ৰাজ্যপালৰ এই কাৰ্য অসাংবিধানিক। বিটিচিক বিটিআৰ কৰিবলৈ হলে কেবিনেটৰ অনুমোদন লব লাগিব। বিটিআৰ মানি লব নোৱাৰো, এইটো কৰ্ট অব চেলেঞ্জেবল। বিজেপি সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি হাগ্ৰামাই কয় যে বিজেপি কৰিলে কৰোনা নহয়। পীষুষ হাজৰিকাৰ কাম আমি ভাল পোৱা নাই। বিহাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিছে, তিনিটা পৰ্যায়ত, গতিকে বিটিচিৰ নিৰ্বাচনো অনুষ্ঠিত কৰিব লাগে। বিটিচি নিৰ্বাচনত বিজেপি আৰু ইউপিপিএল কোন সমষ্টিত জিকিব সেয়া আমি দেখিবলৈ পোৱা নাই। বিপিএফে গঠন কৰিব চৰকাৰ। এই সন্দৰ্ভত ৰাজ্যপালে অধিসূচনা জাৰি কৰিছে৷