February 6, 2023, 10:27 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি নগাঁও-মৰিগাঁৱৰ সীমান্তৱৰ্তী কহুঁৱাআটীত আন্তঃৰাষ্ট্ৰীয় শৈৱ সংঘৰ স্থাপনা সমাৰোহ সম্পন্ন মিছন বসুন্ধৰা আঁচনিৰ আবেদনৰ অন্তিম দিন ৩১ মাৰ্চলৈ বৃদ্ধি নগাঁৱৰ হিন্দু মিলন মন্দিৰত মাঘী পূৰ্ণিমা উদযাপন হিমালয়ৰ পাদদেশ আছে বিপদজনক অৱস্থাতঃ তুৰস্কৰ ভূমিকম্পত ২০০ জনৰ প্ৰাণহানি ইটোৰ পিছত সিটো বিৰ্তকই লগ এৰা নাই এজন ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰক কাছাৰত চাঞ্চল্যকৰ ঘটনাঃ প্ৰেমিকৰ সৈতে সোনকালে বিয়া হ’ব নোৱাৰাৰ আশংকাত চৰম সিদ্ধান্ত ১৬ বছৰীয়া মাহমুদা বেগমৰ দেশৰ ১০ জন ধনী সাংসদৰ তালিকাত আজমলঃ ১০ বছৰত ৪৮ কোটি টকাৰ সম্পত্তি বৃদ্ধি মাৰ্কিন আকাশত ধ্বংস হ’ল চীনৰ সন্দেহজনক ‘স্পাই বেলুন আৰক্ষীৰ অভিযান চলি আছেঃ শহুৰেকৰ ঘৰতে আত্মহত্যাৰ চেষ্টা ১৮ বছৰীয়া অংকুৰৰ পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰভেজ মুশ্বাৰফৰ দেহাৱসান

পুনৰ স্বৰ্ণ জয় কৰা হিমা দাসক আন্তৰিক অভিনন্দন জনাইছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

Reporter Name
  • Update Time : Wednesday, April 6, 2022
  • 101 Time View

স্বৰ্ণ জয়েৰে অসমলৈ পুনৰ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা হিমা দাসক আন্তৰিক অভিনন্দন জনাইছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷ কেৰালাত অনুষ্ঠিত ৰাষ্ট্ৰীয় ফেডাৰেচন কাপ এথলেটিকছ প্ৰতিযোগিতাত মহিলাৰ ২০০ মিটাৰ দৌৰত হিমাই ২৩.৬৩ ছেকেণ্ডেৰে সোণৰ পদক অৰ্জন কৰাৰ পিছতে মুখ্যমন্ত্ৰীয়ে হিমাৰ সফলতাৰ যাত্ৰা অব্যাহত থাকক বুলি কয়৷ উল্লেখ্য যে, ৰাজ্যখনৰ ক্ৰীড়া ক্ষেত্ৰলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে দুগৰাকী খেলুৱৈয়ে৷ কেৰালাৰ কালিকটত অনুষ্ঠিত হৈ থকা ২৫ সংখ্যক চিনিয়ৰ ৰাষ্ট্ৰীয় ফেডাৰেচন কাপ এথলেটিকচ প্ৰতিযোগিতাত অসমৰ অম্লান বৰগোঁহাই আৰু হিমা দাসে জয়জাত্ৰা অব্যাহত ৰাখি ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰলৈ সুনাম কঢ়িয়াই আনিছে। পুৰুষৰ ২০০ মিঃ দৌৰত অম্লান বৰগোঁহাইয়ে ২০.৫২ চেকেণ্ডত ৰাষ্ট্ৰীয় অভিলেখ স্থাপন কৰি সোণৰ পদক লাভ কৰে। ধিং এক্সপ্ৰেছ হিমা দাসেও মহিলাৰ ২০০ মিটাৰ দৌৰত ২৩.৬৩ চেকেণ্ডেৰে সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়। হিমা দাস আৰু অম্লান বৰগোঁহাইৰ এই সফলতাৰ পিছতেই ৰাজ্যৰ ক্ৰীড়াপ্ৰেমীৰ লগতে অসমৰ এথলেটিকচ্ ক্ষেত্ৰখনলৈ এক নতুন বাৰ্তাৰ আগমন ঘটিছে। প্ৰথমগৰাকী অসমীয়া খেলুৱৈ অম্লানে অহা জুলাই মাহত আমেৰিকাৰ অৰেগণত অনুষ্ঠিত হ’বলগীয়া বিশ্ব ছিনিয়ৰ ছেম্পিয়নশ্বপলৈ যোগ্যতা অৰ্জন কৰিছে। আনহাতে অম্লানে এই প্ৰদৰ্শনেৰে ২২তম এছিয়ান গেমছলৈ যোগ্যতা অৰ্জন কৰিছে।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে