February 2, 2023, 3:14 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি প্ৰেমত হাবুডুবো খোৱা উৰ্বশ্ৰীৰ প্ৰেম হৈ ৰ’ল আধৰুৱা… বিতৰ্কই লগ এৰা নাই সাহিত্য সভাৰ, কাৰ্যসূচীত বিনা অনুমতিত সন্নিবিষ্ট কৰিলে সাহিত্যিক ৰীতা চৌধুৰীৰ নাম নিম্ন মধ্যবিত্তক আকৰ্ষণ কৰিবলৈ কৰৰ বোজা কিছু হ্ৰাস কৰাৰ প্ৰস্তাৱ দিছে নিৰ্মলা সীতাৰমণে APDCLৰ লোকচানৰ বোজা সাধাৰণ জনতাৰ ওপৰত জাপি দিয়া কাৰ্য মানি লোৱা নহ’বঃ আপ টুকটুকী ছায়া স্মৃতি এম ই মাদ্ৰাছাৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰীক বিদায় সম্বৰ্ধনা মুখ্যমন্ত্ৰীয়ে নাই বুলি কোৱাৰ পাছতো বিজেপিৰ বিধায়ক ৰমাকান্তৰ মতে বাঘ হাজৰিকা আছিল অৰবিন্দ কেজৰিৱালক হত্যাৰ ভাবুকিঃ মাজনিশা আৰক্ষীলৈ আহিল ফোনকল বেবেজীয়াত প্ৰাকৃতিক পৰিবেশত ‘ৰ’দঘাই বেবেজীয়া’ৰ নাট মহোৎসৱৰ সফল সামৰণি আদানি-কাণ্ডৰ ফলত ক্ষতিগ্ৰস্ত ৰাজহুৱা খণ্ডৰ বেংক-বিত্তীয় প্ৰতিষ্ঠানত বিনিয়োগ কৰা অসমৰ লোকৰ ধন কিমান নিৰাপদ? বিবিচিৰ ডকুমেণ্টৰী নিষিদ্ধ সন্দৰ্ভত ৬ ফেব্ৰুৱাৰীত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

পুনৰ ভূমিষ্ঠ বিদ্ৰোহী সংগঠন? কোকৰাঝাৰত টেলিস্কোপিক স্নিফাৰ ৰাইফল, একে ৪৭, এম-১৬ ৰাইফল উদ্ধাৰ

Reporter Name
  • Update Time : Monday, April 11, 2022
  • 92 Time View

কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ উল্টাপানী এলেকাত আজি কোকৰাঝাৰ আৰক্ষীয়ে পুৱতি নিশা অভিযান চলাই বৃহৎ অস্ত্ৰভাণ্ডাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। সীমান্তৱৰ্তী এলেকাৰটোৰ ঘন জংঘলত দুটা পৃথক পৃথক অভিযান চলাই আৰক্ষীয়ে। অভিযানৰ নেতৃত্ব দিয়ে কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক প্ৰতীক বিজয় থুবে আৰু আনটো অভিযানৰ নেতৃত্ব দিয়ে অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰে। দুয়োটা অভিযানত আৰক্ষীয়ে মাটিত পুতি থোৱা অৱস্থাৰ পৰা ৪টা একে ৪৭ ৰাইফল, এম-১৬ ৰাইফল এটা, টেলিস্কোপিক স্নিফাৰ ৰাইফল এটা, চীনত নিৰ্মিত বেয়নেটৰ সতে চেৰ্লী ৰাইফল এটা, মেগজিন ৪টা আৰু ১৬০ জাঁই সজীৱ গুলী উদ্ধাৰ কৰিছে।

কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আয়োজিত সংবাদমেল সম্বোধন কৰি বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান তথা বিটিআৰৰ ভাৰপ্ৰাপ্ত আইজিপি ড০ এল আৰ বিষ্ণইৱে বৃহৎ অস্ত্ৰভাণ্ডাৰ জব্দ কৰাৰ কথা সদৰি কৰিছে। ড০ এল আৰ বিষ্ণইৱে কয় যে এনডিএফবি (এচ) মুলসূঁতিলৈ ঘূৰি অহাৰ পিছত এনডিএফবিৰ (এচ) পৰা ফালৰি কাটি জন্ম হৈছিল এনএলএফবি। পিছত এনএলএফবিও আত্মসমৰ্পন কৰাত আকৌ ইউএলবি নামৰ নতুন সংগঠন এটাৰ জন্ম হয় আৰু যোৱা আগষ্টত ভিডিঅ’ মুকলি কৰি সঁকিয়নি দিছিল। ইয়াৰ পিছতেই আৰক্ষীয়ে সংগঠনটোৰ বিৰুদ্ধে চেপ্টেম্বৰত তীব্ৰ অভিযান চলোৱাত সগঠনটোৰ দুগৰাকী কেডাৰ নিহত হৈছিল আৰু ১১ জনকৈ কেডাৰ আত্মসমৰ্পন কৰিছিল। ইয়াৰ পিছত পুনৰাই যোৱা মাৰ্চ মাহত কোকৰাঝাৰ আৰু ওদালগুৰিৰ এনএলএফবি কেম্পৰ পৰা পলাই যোৱা ১২-১৩ গৰাকী কেডাৰ লগ হৈ নতুন সংগঠনৰ জন্ম দিব বিচাৰিছিল। তেওঁলোক প্ৰথম অৰুণাচলৰ ঘন জংঘলত আশ্ৰয় লৈছিল। শেহতীয়াভাৱে উক্ত দলটোৰ এগৰাকী সদস্য কোকৰাঝাৰত আৰু আন দুগৰাকী সদস্য চিৰাংত আৰক্ষীৰে সংঘৰ্ষত নিহত হৈছিল আৰু দুগৰাকী সদস্য ওদালগুৰীত আহত হৈছিল। বাকী ৮ জন সদস্য অলপতে আত্মসমৰ্পন কৰে। আৰক্ষীয়ে লাভ কৰা এক বিশেষ সূত্ৰ অনুসৰি আজি পুৱতি নিশা অস্ত্ৰ-শস্ত্ৰসমূহ উদ্ধাৰ কৰে। বড়োলেণ্ডত এতিয়া সকলোৱে শান্তি বিচাৰে আৰু অনৈতিক কাৰ্যকলাপে সকলোকে আমুৱাইছে বুলি তাপপৰ্যপুৰ্ণ মন্তব্য কৰে ড০ এল আৰ বিষ্ণইৱে। মুখ্যমন্ত্ৰীৰ পদক্ষেপত বৰ্তমান বড়োলেণ্ড অঞ্চল লৈ শান্তি ঘূৰি আহিছে বুলি মন্তব্য কৰি ড০ এল আৰ বিষ্ণইৱে অনৈতিক কাৰ্যকলাপৰ পৰা আতৰত থাকিবলৈ সকলোৰে প্ৰতি আহ্বান জনাইছে। সন্ত্ৰাসবাদ নিৰ্মুল কৰিবলৈ ৰাইজৰ সহযোগিতাৰ প্ৰয়োজন বুলি মন্তব্য কৰিছে ড০ এল আৰ বিষ্ণইৱে।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে