March 29, 2023, 12:13 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

পুনৰ ভাৰতৰ ভূমিত প্ৰৱেশৰ চেষ্টা চীনা সৈন্যৰ, সীমাৰ পৰা গতিয়াই উলিয়াই দিলে ভাৰতীয় সেনাই

Reporter Name
  • Update Time : Monday, August 31, 2020
  • 90 Time View

ডিজিটেল ডেস্কঃ চীনা সৈনিকে পুনৰ ভাৰতৰ ভূমিত প্ৰৱেশৰ চেষ্টা চলোৱা খবৰ আহিছে৷ বিগত ২৪ ঘণ্টাত পুনৰ চীনা সৈন্যই ভাৰতত ভূমিত প্ৰৱেশৰ চেষ্টা চলোৱাত সীমান্তত পুনৰ উত্তেজনাই বিৰাজ কৰিছে৷ পূব লাডাখ চেক্টৰত ভাৰত আৰু চীনা সৈন্যৰ মাজৰ পৰিস্থিতি পুনৰ উত্তেজনাময় পূৰ্ণ হৈ পৰা বুলি খবৰ প্ৰকাশ পাইছে৷

জানিব পৰা মতে, শেহতীয়াকৈ চীনা সৈন্যই পেংগাং হ্ৰদৰ দক্ষিণ প্ৰান্তেৰে ভাৰতৰ ভূমিত প্ৰৱেশৰ চেষ্টা চলায়৷ উক্ত সময়তে ভাৰতীয় সেনাই চীনা সৈন্যক ৰখাবলৈ চেষ্টা কৰে৷ ভাৰতীয় সেনাই উচিত প্ৰত্যুত্তৰ দি চীনা সেন্যক ভাৰতীয় সীমাৰ পৰা বাহিৰ কৰি দিয়া বুলি ভাৰতীয় সেনাৰ সুত্ৰই প্ৰকাশ কৰিছে৷

চীনা সৈন্যই শেহতীয়া যথাস্থিতশীল পৰিস্থিতি সলনি কৰিবলৈ নতুন গতিবিধি আৰম্ভ কৰিছে৷ চীনা সৈন্যৰ এই প্ৰচেষ্টা বিফল কৰে ভাৰতীয় বীৰ সেনা জোৱানে৷

কেন্দ্ৰীয় চৰকাৰে সোমবাৰে জাৰি কৰা মন্তব্যত কয় যে ‘‘চীনা সেন্যই যথাস্থিতি পৰিস্থিতি সলনি কৰিবলৈ সৈন্য গতিবিধি কৰিছে’’৷ কিন্তু ভাৰতীয় সেনাই চীনা সৈন্যৰ গতিবিধি লক্ষ্য কৰি চীনা সৈন্যৰ প্ৰচেষ্টাক বিফল কৰে৷ ৰক্ষা মন্ত্ৰালয়েও এক বিবৃতি জাৰি কৰি কয় যে ২৯ আৰু ৩০ আগষ্টৰ নিশা চীনা সেন্যই ভাৰতৰ ভূমিত প্ৰৱেশৰ চেষ্টা চলাইছিল৷ ভাৰতীয় সেনাই চীনা সৈন্যৰ বিৰুদ্ধে সঞ্চালনা বৃদ্ধি কৰে৷

ইয়াৰ পূৰ্বে ১৬-১৭ জুনত ভাৰত-চীন সীমান্তৰ গালৱান ঘাটিত দুই দেশৰ সৈন্যৰ হিংসাত্মক সংঘাতত ভাৰতৰ ২০গৰাকী জোৱান শ্বহীদ হোৱাৰ লগতে চীনৰ কমেও ৪০ জন জোৱান আহত-নিহত হোৱা বুলি খবৰ প্ৰকাশ পাইছিল৷

উল্লেখ্য যে, চীন আৰু ভাৰতীয় জোৱানৰ মাজত পুনৰ হিংসাত্মক কাৰ্যত লিপ্ত হৈছে বুলি অনুমান কৰা হৈছে৷ কিন্তু ক্ষয়-ক্ষতিৰ কোনো তথ্য জানিব পৰা হোৱা নাই৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে