ডিজিটেল ডেস্কঃ ছাত্ৰ-ছাত্ৰীক পাঠদান নকৰাকৈ দৰমহা লোৱাত বিবেকদংশন হ’ল এজন অধ্যাপকৰ৷ ক’ভিডৰ বাবে প্ৰায় তিনি বছৰ শিক্ষাদান কৰিব নোৱাৰা এজন শিক্ষকে কলেজ কৰ্তৃপক্ষক ঘুৰাই দিলে বেতনৰ বাবে জমা হোৱা ২৪ লাখ টকা৷ অধ্যাপকজনে খেদ প্ৰকাশ কৰি কয় যে, বিগত ৩৩ মাহে তেওঁ ছাত্ৰ-ছাত্ৰীক পাঠদান কৰিব পৰা নাছিল৷ বিনাকষ্টে তেওঁ লাভ কৰা দৰমহাৰ কোনো মূল্য নাই৷ বিহাৰৰ মুজফৰপুৰত নিতিশ কলেজৰ সহকাৰী অধ্যাপক লালন কুমাৰৰ এই বিবেক দংশনে এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে৷ মহাবিদ্যালয়খনৰ পঞ্জিয়কৰ হাতত বেতনৰ ২৪ লাখ টকা জমা দি লালন কুমাৰে কয় যে, তেওঁ অনলাইন ক্লাছ কৰিছিল যদিও তাক লৈ নিজেই মুঠেই সন্তুষ্ট নহয়৷ ভাল ফলাফল দেখুৱাবৰ বাবে ছাত্ৰ-ছাত্ৰীক যি ধৰণেৰে জ্ঞান দিব লাগিছিল সেয়া কৰাত তেওঁ ব্যৰ্থ হৈছে৷ আৰু সেইবাবেই এক মানসিক দন্দত ভুগি তেওঁ গৰমহাৰ টকাখিনি ঘূৰাই দিছে৷ লালন কুমাৰৰ এই সিদ্ধান্ত এক নতুন দৃষ্টান্ত গঢ়ি তুলিব৷ ইফালে মহাবিদ্যালয়খনৰ অধ্যক্ষই লালনৰ এই সিদ্ধান্তক সহজভাবে ল’ব পৰা নাই৷ মহাবিদ্যালয়খনৰ অধ্যক্ষই লালনে মহাবিদ্যলয়খন এৰি অন্যত যোগদান কৰিবৰ বাবে এই ধন ঘূৰাই দিয়া বুলি উল্লেখ কৰিছে৷
উল্লেখ্য যে, লালন দিল্লীৰ জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ৷ দিল্লী বিশ্ববিদ্যালয়ৰ পৰা পি. এইচ. ডি আৰু এম ফিল ডিগ্ৰী সমাপ্ত কৰিছে৷ ২০০৯ চনত নিতিশ মহাবিদ্যালয়ত সহকাৰী অধ্যাপক হিচাপে যোগদান কৰিছিল৷