পুনৰ আন এগৰাকী কাশ্মীৰি পণ্ডিতৰ হত্যাকাণ্ড সংঘটিত হৈছে জম্মু-কাশ্মীৰত৷ বৃহস্পতিবাৰে দুপৰীয়া ৰাহুল ভাট নামৰ কাশ্মীৰি পণ্ডিতক তিনি সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰে৷ বৃহস্পতিবাৰে জম্মু-কাশ্মীৰ চাদুৰা গাঁৱৰ তহচিলদাৰ কাৰ্যালয়ত কাম কৰি থকা অৱস্থাতে ৰাহুল ভাটক লক্ষ্য কৰি তিনি সন্ত্ৰাসবাদীয়ে গুলী চলাইছিল। উপায়ুক্তৰ কাৰ্যালয়ত কাম কৰা ৰাহুল ভাট আবেলি ৩ বাজি ৪৫ মিনিটত কথা পাতি থকাৰ সময়তে আক্ৰমণ কৰে। উপ-ৰাজ্যপাল মনোজ সিনহাই ৰাহুলৰ পৰিয়ালক সাক্ষাৎ কৰি আশ্বাস দি কয় যে চৰকাৰে শোকসন্তপ্ত পৰিয়ালৰ কাষত আছে আৰু সন্ত্ৰাসবাদীৰ বিৰুদ্ধে প্ৰতিশোধ লোৱা হ’ব৷ ৰাহুল ভাটৰ পত্নীয়ে স্বামীৰ ওপৰত হোৱা আক্ৰমণক তীব্ৰ গৰিহণা দি কৰ্মক্ষেত্ৰত প্ৰাণ হেৰুওৱা বুলি কয়। পত্নী ভাগি পৰা মীনাক্ষী ভাটে দাবী কৰে যে কোনো নিৰাপত্তাৰ ভাবুকি নাই বুলি কোৱাৰ পিছতো আক্ৰমণ সংঘটিত হৈ আহিছে৷ আজি ভাটৰ পৰিয়ালৰ লগতে একাংশ লোকে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ ভাটৰ আত্মীয়সকলে ৰাহুল ভাট অমৰ ৰহে আৰু পাকিস্তান মৰ্দাবাদ শ্ল’গান দিয়া পৰিলক্ষিত হয়। আজি সন্ধিয়া ৰাহুল ভাটৰ হত্যাক লৈ হাতে হাতে মমবাতি লৈ প্ৰতিবাদ সাব্যস্ত কৰে একাংশ লোকে৷ যোৱা সাত মাহত সন্ত্ৰাসবাদীৰ দ্বাৰা নিহত হোৱা দ্বিতীয় কাশ্মীৰী পণ্ডিত ৰাহুল ভাট। কাশ্মীৰী পণ্ডিত ৰসায়নবিদ মাখন লাল বিন্দ্ৰুক ২০২১ চনৰ ৬ অক্টোবৰত সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰিছিল। কাশ্মীৰী পণ্ডিতকে ধৰি জম্মু-কাশ্মীৰৰ সংখ্যালঘু হিন্দু সম্প্ৰদায়ৰ প্ৰায় ১৪ জন লোকক ২০১৯ চনৰ আগষ্টৰ পৰা ২০২২ চনৰ মাৰ্চ মাহৰ ভিতৰত কাশ্মীৰৰ বিভিন্ন স্থানত উগ্ৰপন্থীয়ে হত্যা কৰিছে। বিশিষ্ট ব্যৱসায়ী, চৰপঞ্চ আৰু খণ্ড উন্নয়ন পৰিষদৰ সদস্যসকলক লক্ষ্য কৰি লৈছে। ২০১৯ চনৰ আগষ্টত জম্মু-কাশ্মীৰক বিশেষ মৰ্যাদা প্ৰদান কৰা সংবিধানৰ ৩৭০ অনুচ্ছেদ বাতিল কৰাৰ পিছৰে পৰা কাশ্মীৰত বাস কৰা অ-মুছলমান আৰু বাহিৰৰ লোকসকলৰ ওপৰত আক্ৰমণ বৃদ্ধি পাইছে।