March 30, 2023, 4:06 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

পুনৰ কপিল চিব্বালৰ টুইট, ‘বিৰোধ কৰা মানুহ পোৱা যায়, সমৰ্থন আদায়ৰ বাবেহে ব্যৱস্থা কৰিব লাগে’

Reporter Name
  • Update Time : Wednesday, August 26, 2020
  • 161 Time View

ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ ২০ জ্যেষ্ঠ নেতাই পত্ৰ বোমাৰে নেতৃত্ব সলনি কৰাৰ দাবী উত্থাপন কৰাৰ পিছতে এইবাৰ জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কপিল চিব্বালে এটাৰ পিছত আন এটা টুইট কৰি নেতৃত্বৰ বিৰুদ্ধে বিষোদগাৰ কৰা গৈছে৷ দলৰ নেতৃত্বৰ বিৰুদ্ধে কপিল চিব্বালক বেছি মুখৰ হৈ পৰা দেখা যায়৷ সোমবাৰ আৰু মঙলবাৰে টুইট কৰি দলৰ নেতৃত্বক আক্ৰমণ কৰাৰ লগতে বুধবাৰেও টুইট কৰি পুনৰ দলৰ বিৰুদ্ধে বিষোদগাৰ প্ৰকাশ কৰিছে৷ বুধবাৰে টুইট কৰি চিব্বালে কয় ‘‘নীতিৰ সপক্ষে যুঁজ দিয়াৰ সময়৷ জীৱনটোত, ৰাজনীতিত, আদালতত, সামাজিক কৰ্মীৰ মাজত, ছ’চিয়েল মিডিয়াৰ মঞ্চত বিৰোধ কৰা মানুহ পোৱাই যায়৷ সমৰ্থন আদায়ৰ বাবেহে ব্যৱস্থা কৰিব লাগে৷’’

কংগ্ৰেছত বিসম্বাদ চলি থকাৰ সময়তে জ্যেষ্ঠ কংগ্ৰেছ নেতা কপিল চিব্বালৰ টুইট যোগে মতামত প্ৰকাশ কৰি গৈছে৷ কেইবাগৰাকী কংগ্ৰেছ নেতাই নেতৃত্ব সলনি তথা স্থায়ী অধ্যক্ষ নিয়োগ কৰাৰ দাবী উত্থাপন কৰি থকাৰ সময়তে জ্যেষ্ঠ কংগ্ৰেছ নেতা চিব্বালে মঙলবাৰে টুইট কৰি কৈছিল ‘‘এয়া কোনো পদৰ কথা নহয়, এয়া মোৰ দেশৰ বাবে৷ যিটো সকলোতকৈ গুৰুত্বপূৰ্ণ৷’’

সোমবাৰে কংগ্ৰেছৰ কাৰ্যকৰী সমিতিৰ বৈঠক অনুষ্ঠিত হৈছিল৷ বৈঠকে ছোনীয়া গান্ধীক ৬ মাহৰ বাবে অন্তৱৰ্তীকালীন অধ্যক্ষ হিচাপে কাৰ্যভাৰ চলাই যোৱাৰ মতত উপনীত হোৱাৰ সময়তে মঙলবাৰে কপিল চিব্বালে এটা টুইট কৰি নিজ দলকে আক্ৰমণ কৰিছিল যদিও পিছত টুইট ডিলিট কৰে৷ উল্লেখ্য যে, দলৰ নেতৃত্ব সলনি কৰাৰ দাবীত প্ৰায় ২০গৰাকী জ্যেষ্ঠ নেতাই ছোনীয়া গান্ধীক পত্ৰ লিখিছিল৷ পত্ৰত স্বাক্ষৰ কৰিছিল কপিল চিব্বালেও৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে