চিপিআইএমৰ অসম ৰাজ্যিক সমিতিয়ে এক বিবৃতি যোগে অসম আৰক্ষীৰ এনকাউণ্টাৰক তীব্ৰ গৰিহণা দিয়ে৷ অত্যন্ত ক্ৰোধ আৰু উদ্বিগ্নতাৰে এই কাণ্ড লক্ষা কৰি থকা বুলি কয় চিপিআইএমৰ অসম ৰাজ্যিক সমিতিয়ে৷ অসম আৰক্ষীয়ে ছফিকুল ইছলাম নামৰ যুৱক এজনক বটদ্ৰৱা থানালৈ ধৰি নি পুলিচৰ জিম্মাত থকা অৱস্থাত হত্যা কৰাৰ পিছত পুনৰ আজি পুৱতি নিশা বটদ্ৰৱা থানা অগ্নি সংযোগৰ ঘটনাত অভিযুক্ত আছিকুল ইছলাম নামৰ যুৱক এজনক আৰক্ষীয়ে শীতল মস্তিস্কৰে হত্যা কৰিছে। হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰ গঠনৰ পিছৰে পৰা অসমত এনকাউণ্টাৰৰ নামত অভিযুক্তক হত্যা কৰাৰ যি ভয়ংকৰ আৰু বেআইনী পৰম্পৰাৰ সূত্ৰপাত কৰা হৈছে তাৰে শেহতীয়া নিদৰ্শন হ’ল কালি নিশাৰ এই ঘটনা। মুখ্যমন্ত্ৰীয়ে দাবী কৰাৰ দৰে এয়া মুঠেই দুৰ্ঘটনা’ নহয়, বৰং সাম্প্ৰদায়িক আৰু স্বৈৰাচাৰী বিজেপি চৰকাৰে সংঘটিত কৰা এক পৰিকল্পিত হত্যা। ছফিকুল ইছলামৰ হত্যা, বটদ্ৰৱা থানা জ্বলাই দিয়া আৰু শালনাবড়ীত আৰক্ষীয়ে পাঁচটা পৰিয়ালৰ ঘৰ বুলডজাৰেৰে ধ্বংস কৰাৰ ঘটনাই ইতিমধ্যে ৰাজ্যখনৰ জনসাধাৰণৰ মাজত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বিভিন্ন দল-সংগঠনে এই ঘটনাৱলীৰ ন্যায়িক তদন্তৰ দাবী কৰিছে। কিন্তু শাসনাধিষ্ঠিত বিজেপি চৰকাৰে সেই পথ গ্ৰহণ কৰাৰ সলনি আইনৰ শাসন নিজেই ধ্বংস কৰাৰ ভয়ংকৰ পথেৰেহে বাট বুলিছে। পুলিচৰাজ প্ৰতিষ্ঠাৰ এনে প্ৰৱণতাই গণতান্ত্ৰিক ব্যৱস্থাটোক নিঃশেষ কৰি স্বৈৰাচাৰী আৰু একনায়কত্ববাদী শাসনৰ পথ প্ৰশস্ত কৰিব। যি সকলে অবৈধ বাংলাদেশী, জেহাদী আদিৰ বিৰুদ্ধেহে এনকাউণ্টাৰবোৰ পৰিচালিত হৈছে বুলি বিজেপি-আৰএছএছে চলোৱা প্ৰচাৰৰ দ্বাৰা বিভ্ৰান্ত হৈছে৷ তেওঁলোক সতৰ্ক হোৱা উচিত যে আইনৰ শাসনৰ ঠাইত পুলিচৰ শাসন প্ৰতিষ্ঠা হ’লে যিকোনো ব্যক্তিয়ে তাৰ বলি হ’ব পাৰে। ইতিমধ্যে ৰাজ্যখনত কেইবাঠাইতো হোৱা ঘটনাই তাৰ স্পষ্ট ইংগিত দিছে। চিপিআইএমৰ অসম ৰাজ্যিক সমিতিয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰো এই কথাৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিছে যে ৰাজ্যখনৰ শাসনাধিষ্ঠিত চৰকাৰখনৰ পৃষ্ঠপোষকতাত পুলিচে ন্যায়পালিকাক স্থানচ্যুত কৰি নিজেই ঘটনাৰ তাৎক্ষণিক বিচাৰ আৰু শাস্তি দিয়াৰ বেআইনী প্ৰক্ৰিয়া এটাৰ সূচনা কৰিছে। এয়া আমাৰ দেশৰ সংবিধান আৰু গণতান্ত্ৰিক ব্যৱস্থাৰ স্পষ্ট উলংঘন। আইনৰ শাসন ৰক্ষা কৰাৰ বাবে আদালতে তৎপৰতাৰে হস্তক্ষেপ কৰা উচিত বুলি চিপিআইএমে সুচিন্তিত মত প্ৰকাশ কৰে। চিপিআইএমৰ অসম ৰাজ্যিক সমিতিয়ে আছিকুল ইছলামৰ হত্যাকাণ্ডৰ তীব্ৰ নিন্দা কৰাৰ লগতে সমগ্ৰ ঘটনাৱলীৰ ন্যায়িক তদন্তৰ দাবীত ঐক্যবদ্ধ হ’বলৈ সকলো গণতান্ত্ৰিক দল-সংগঠন আৰু ৰাজ্যখনৰ জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছে।