আলফা স্বাধীনত শিক্ষিত নিবনুৱাৰ যোগদান কৰাৰ ধুম উঠিছে৷ পুনৰ আলফা স্বাধীনলৈ গৈছে অসমৰ তিনি জিলাৰ ৫ যুৱক৷ এটা সূত্ৰই দাবী কৰা মতে, বৃহস্পতিবাৰে ৰাজ্যৰ ভিন্ন প্রান্তৰ ৫ যুৱকৰ আলফা স্বাধীনত যোগদান কৰে৷ নগাঁও জিলাৰ তন্ময় বৰা, দিগন্ত গোৱালা, সুভাষ হিৰা, তিনিচুকীয়া দিলাৰ মাকুমৰ সুৰুজ মৰাণ, দৰং জিলাৰ মঙলদৈৰ হীৰকজ্যোতি বৰাই যোগদান আলফা স্বাধীনত যোগদান কৰা বুলি জানিব পৰা গৈছে৷ খবৰ মতে, বিগত ২০২১ চনৰ পৰা এতিয়ালৈ প্ৰায় ২৫০গৰাকী থলুৱা যুৱক-যুৱতী আলফাত যোগদান কৰিছে৷