গুৱাহাটীঃ অসম গণ পৰিষদৰ নতুন সভাপতি কোন হ’ব সেই বিবাদৰ অন্ত পেলাই পুনৰ এবাৰ আঞ্চলিক দলটোৰ সভাপতি পদত অধিষ্ঠিত হ’ল অতুল বৰা। বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা অগপৰ একাদশ সাধাৰণ পৰিষদৰ অধিৱেশনত সৰ্বসন্মতিক্ৰমে দলৰ সভাপতিৰূপে নিৰ্বাচিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰা।
ইফালে আজিৰ অধিৱেশনে কেন্দ্ৰীয় কাৰ্যকৰী সমিতি গঠনৰ দায়িত্বও প্ৰদান কৰে অতুল বৰাক। তাৰ পিছতে তেওঁ দলৰ আন এজন জ্যেষ্ঠ নেতা কেশৱ মহন্তক কাৰ্যকৰী সভাপতিৰূপে আনুষ্ঠানিক ঘোষণা কৰে। বিগত কাৰ্যকালত আঞ্চলিক দলটোৰ সভাপতি পদত থাকি কিমান সফলতা অৰ্জন কৰিছে সেই বিচাৰৰ দায়িত্ব ৰাইজৰ হাতলৈ এৰি দি অতুল বৰাই কয় যে এটা সুযোগ্য আঞ্চলিক দল হিচাপে অগপক জীয়াই ৰখাৰ স্বাৰ্থত তেওঁ যৎপৰোনাস্তি চেষ্টা চলাই যাব। আনহাতে অগপই সদায় বিভিন্ন ভাষা-সংস্কৃতি, জাতি-জনগোষ্ঠীক একত্ৰিত কৰি নৱপ্ৰজন্মৰ নব্য ভাবধাৰা আৰু পুৰণি সতীৰ্থসকলৰ অভিজ্ঞতাৰে অসমত প্ৰগতিশীল আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদৰ ভেটি শক্তিশালী কৰাৰ প্ৰয়াস কৰি আহিছে বুলিও মন্তব্য কৰে অতুল বৰাই।
উল্লেখ্য যে, অসম গণ পৰিষদৰ সভাপতি পদৰ বাবে বিধায়ক বৃন্দাবন গোস্বামী, পবিন্দ্ৰ ডেকাকে ধৰি একাংশ নেতা-কৰ্মীয়ে প্ৰফুল্ল কুমাৰ মহন্তক প্ৰক্ষেপ কৰিছিল। যাৰ পৰিপ্ৰেক্ষিতত অতুল পন্থী আৰু মহন্ত পন্থীৰ মাজত বিগত সময়ছোৱাত এক শীতল সংঘাতৰ সৃষ্টি হোৱাও পৰিলক্ষিত হৈছিল। আনহাতে আজিৰ সাধাৰণ অধিৱেশনৰ পূৰ্বে বুধবাৰে সন্ধিয়া আমবাৰীতে অনুষ্ঠিত হোৱা অগপৰ এখন গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভালৈ নিমন্ত্ৰণ কৰা নহ’ল প্ৰাক্তন সভাপতি তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, বৃন্দাবন গোস্বামী, পবিন্দ্ৰ ডেকাৰ লগতে মহন্ত পন্থী নেতা-কৰ্মী সকল। এই লৈও অগপৰ ভিতৰচৰাত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।