বেবেজীয়াঃ পুথিচিত্রৰে দেশ-বিদেশৰ চিত্র প্রদর্শনীত ভাগ লৈ বহুলভাৱে সমাদৃত হোৱা নগঞা শিল্পী সুজিত দাসৰ আন এক প্ৰয়াস। ভীষ্ম দূৰ্লভ মহন্তৰ দ্বাৰা সম্পাদিত ‘সচিত্র শংকৰদেৱ’ নামৰ গ্রন্থখনত অসমৰ পুথিচিত্রৰ শৈলীত শিল্পী গৰাকীয়ে আঁকিছে গুৰুজনাৰ জীৱনী। আনকি ইতিমধ্যে এই গ্রন্থৰ বহু কপি দেশ-বিদেশত বিলাই দিছে তেওঁ। যাৰ দ্বাৰা গুৰুজনাৰ জীৱনী সচিত্র কৰাৰ জৰিয়তে অসমৰ চিত্রকলাক বিশ্ব দৰবাৰত লৈ গৈছে শিল্পী সুজিত দাসে। সেয়ে তেওঁ সাঁচিপাতত হেঙুল-হাইতাল বুলাই জন্ম দিছে বহু চিত্রৰ আৰু তেওঁৰ হাতত প্রাণ পাইছে অসমৰ বুৰঞ্জীয়ে।
স্মৰ্তব্য যে, বৰ্তমান সাঁচিপাতত অঁকা ‘চিত্রলেখাই অনিৰুদ্ধৰ ছবি অঁকা’ৰ দৃশ্য বা ‘হৰি-হৰ যুদ্ধ’ৰ দৃশ্যৰ চিত্র আছে ঝাড়খণ্ডৰ ট্রাইবেল মিউজিয়ামত। তদুপৰি পুৰণি পেপিৰাছ পাতত আঁকিছে ‘হিউয়েন চাঙৰ অসম ভ্রমণ’ৰ দৃশ্য৷ যি এতিয়াও জিলিকি আছে চীনৰ ভাৰতীয় দূতাবাসত। ইয়াৰ সমান্তৰালকৈ শিল্পীগৰাকীয়ে আঁকিছে চিত্র ভাগৱত আৰু সাত বৈকুন্ঠৰ কাল্পনিক চিত্র। যিবোৰ ইতিমধ্যে বিভিন্ন মিউজিয়ামত সংৰক্ষিত হৈ আছে। আনকি তেওঁ অসমৰ পুথি ৰখা বাকচকো নতুন ৰূপ দি জীয়াই তুলিছে। সেয়ে এনে কৰ্মৰাজিৰ বাবেই শিল্পী সুজিত দাসৰ চিত্রকলাৰ প্রশংসা কৰিছে বৃটিছ প্রিন্স উইলিয়াম, তিব্বতৰ দালাই লামাকে প্ৰমুখ্য কৰি বহু প্রখ্যাত ব্যক্তিয়ে।
খুব কম সময়তে বেছ সমাদৃত হোৱা শিল্পীগৰাকীৰ অসমৰ পুথিচিত্রৰ প্রদর্শনী কৰিছে ৰাছিয়া, আমেৰিকা, চীন, ডুবাই, নেপাল, শ্রীলংকা, ইজিপ্ট, ভিয়েটনাম, ভূটান, মালেছিয়া, ছিংগাপুৰ, ইয়োৰোপৰ গ্রীছ, কছোভো আদিকে ধৰি বিশ্বৰ ২৫খন দেশত৷ ইফালে, এনে কৰ্মৰাজিৰ স্বীকৃতি স্বৰূপে শিল্পীগৰাকীয়ে ২০১৪-১৫ বর্ষত পুথিচিত্রৰ বাবে লাভ কৰিছে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্রণালয়ৰ বিশেষ ফেল’শ্বিপ৷ আচলতে বিশ্বৰ দীঘল তুলিকাৰে বিষ্ণু ৰাভাৰ ছবি আঁকি অসমৰ নাম গীণিজ বুকত সন্নিবিষ্ট কৰা এই শিল্পীজনে চিত্রকলাৰ আদিপাঠ গ্রহণ কৰিছিল বিশিষ্ট চিত্রশিল্পী প্রণৱ বৰুৱাৰ পৰা। শেহতীয়াকৈ সুজিত দাসে শংকৰী মুখা আৰু শিশুৰ সৈতে অঁকা ছবিৰ ছিৰিজে কলাপ্রেমীৰ বিশেষ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে। আনকি শিল্পী সুজিত দাসে বিগত ২১ বছৰ ধৰি জ্যোতি চিত্রাংকন বিদ্যালয়ৰ জৰিয়তে চিত্রবিদ্যা বিলাই দিছে উত্তৰ প্রজন্মৰ হাতত। মুঠতে ব্যতিক্ৰমী চিন্তাধাৰাৰে পৰিপুষ্ট নগঞা এই শিল্পীগৰাকীৰ সপোন চিত্রশিল্পৰ জৰিয়তে অসমৰ কলা-কৃষ্টি-সংস্কৃতিক পৰিচয় বিশ্ব দৰবাত অধিক মজবুট কৰাৰ৷