ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’নে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে ফোনযোগে কথা বাৰ্তালাপ কৰে৷ আক্ৰমণ বন্ধ কৰিবলৈ আহ্বান জনাই ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’নে। পুটিনে কয় যে ‘ৰাছিয়াৰ স্বাৰ্থৰ যত্ন সপক্ষে হলে এই সংকট সমাধান কৰিব পাৰি।’ ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে মেক্ৰ’নে পুটিনক ইউক্ৰেইনৰ ওপৰত আক্ৰমণ বন্ধ কৰিবলৈ আহ্বান জনাই। তাৎক্ষণিক বিৰতিৰ প্ৰয়োজনীয়তাৰ ওপৰত জোৰ দিয়ে। বিবৃতি অনুসৰি ‘ৰাষ্ট্ৰপতি মেক্ৰ’নে ৰাছিয়াৰ ৰাষ্ট্ৰপতিক সাধাৰণ লোক আৰু আৱাসিক এলেকাত আক্ৰমণ বন্ধ কৰিবলৈ কয়। অসামৰিক ঘাটি আৰু মুখ্য পথৰ সুৰক্ষা নিৰ্ধাৰণ কৰৰ লগতে বিবৃতি কোৱা হৈছে যে পুটিনে এনে অনুৰোধৰ প্ৰতি গুৰুত্ব দিয়াৰ ইচ্ছা প্ৰকাশ কৰিছে।