কোকৰাঝাৰঃ পিপিই কিট, মাস্ক, চেনিটাইজাৰ, হেণ্ড গ্ল’ভচ যোগান অবিহনে কোকৰাঝাৰত চেলুন নোখোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কোকৰাঝাৰ চেলুন এছোছিয়েচনে। বুধবাৰে কোকৰাঝাৰ প্ৰেছ ক্লাৱত এখন সংবাদমেল অনুষ্ঠিত কৰা কোকৰাঝাৰ চেলুন এছোছিয়েচনৰ সম্পাদক বীৰেন্দ্ৰ ঠাকুৰে এই কথা উল্লেখ কৰিছে৷ এছোছিয়েচনৰ সম্পাদক বীৰেন্দ্ৰ ঠাকুৰে কয় যে যোৱা তিনিমাহ ধৰি লক-ডাউনৰ পৰিণতিতে চেলুন বন্ধ ৰখাৰ ফলত তেওঁলোকৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে। তীব্ৰ আৰ্থিক সংকটত পৰি তেওঁলোকে ঘৰভাড়া পৰ্যন্ত দিব পৰা নাই। চৰকাৰে মাস্ক, গ্ল’ভচ পৰিধান কৰি চেলুন খোলাৰ বাবে অনুমতি প্ৰদান কৰিছে যদিও কোকৰাঝাৰ চেলুন এছোছিয়েচনে ওলোটাই চৰকাৰক উক্ত সামগ্ৰীসমুহ যোগান ধৰাৰ বাবে আহ্বান জনাইছে।
কোকৰাঝাৰ চেলুন এছোছিয়েচনৰ স্পষ্ট মত এই যে তেওঁলোকৰ খাবলৈকে পইচা নাই, সামগ্ৰী কিনি ব্যৱসায় কৰাটো দুৰৰ কথা। যিহেতু গ্ৰাহকৰ চুলি কাটোতে নাপিত আৰু গ্ৰাহকৰ মাজত স্পৰ্শ হয় সেয়েহে ক’ৰোনা সংক্ৰমনৰ ভয়ত পিপিই কিট অবিহনে নাপিতসকল চুলি কাটিবলৈ নতুবা ব্যৱসায় কৰিবলৈ মান্তি নহয় বুলি সংবাদমেলত মন্তব্য কৰি বীৰেন্দ্ৰ ঠাকুৰে জিলা উপায়ুক্ত আৰু স্বাস্থ্য বিভাগৰ যুটীয়া সচিবৰ সতে যোগাযোগ কৰিও সুফল পোৱা নাই বুলি মন্তব্য কৰিছে।
ইতিমধ্যে নাপিতসকলে এছোছিয়েচনৰ হাতত কেচি, ক্ষুৰ জমা দিয়া বুলি সদৰি কৰি কোকৰাঝাৰ চেলুন এছোছিয়েচনৰ সম্পাদক বীৰেন্দ্ৰ ঠাকুৰে নাপিতসকলৰ আৰ্থিক ক্ষতি পুৰ কৰিবলৈ এককালিন সাহায্য হিচাপে ৫০ হাজাৰ টকাকৈ দিবলৈও চৰকাৰৰ ওচৰত সজোৰে দাবী উত্থাপন কৰিছে। নাপিতসকৰ দাবী পুৰণ নোহোৱালৈকে চেলুন বন্ধ ৰখা হ’ব আৰু প্ৰয়োজনত অনশন কাৰ্যসূচীও হাতত লোৱা হ’ব বুলি সদৰি কৰিছে কোকৰাঝাৰ চেলুন এছোছিয়েচনে।
আজি কোকৰাঝাৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত হোৱা সংবাদমেলত প্ৰায় অৰ্ধশতাধিক নাপিত উপস্থিত থাকে। উল্লেখ্য যে, কোকৰাঝাৰতে ৬০খন চেলুন আছে যত ২৪০ গৰাকী নাপিত কৰ্মৰত হৈ আছিল। জিলাখনত সৰ্বমুঠ ৩৫০ খন চেলুন আছে যত প্ৰায় সহস্ৰাধিক লোক কৰ্মৰত হৈ আছিল আৰু লক-ডাউনৰ পৰিণতিতে নাপিত বৃত্তিক আঁকোৱালি লোৱাসকলে ভীষণ সমস্যাৰ সন্মুখীন হৈ আহিছে।