বিগত সময়ত ত্ৰিপুৰাত ধৰা পৰিছিল কেইবাগৰাকী সন্দেহজনক ইছলামিক সন্ত্ৰাসবাদীৰ সদস্য৷ গ্ৰেপ্তাৰ হোৱাৰ সদস্যসকলৰ ভিতৰত আছিল নামনি অসমৰ যুৱক৷ নামনি অসমৰ যুৱকক লৈ অসম আৰক্ষীয়ে বঙাইগাঁও আৰু বৰপেটা জিলাত কেইবাগৰাকী সন্দেহজনক যুৱক গ্ৰেপ্তাৰ হৈছিল৷ তাৰ লগে লগে নগাঁৱৰ বটদ্ৰৱা আৰক্ষী থানাত আক্ৰমণৰ ঘটনাত বাংলাদেশৰ সন্ত্ৰাস গোটৰ সদস্য জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছিল অসম আৰক্ষীয়ে৷ এনে ঘটনাৰ পিছৰে পৰা অসমত পিএফআই নামৰ এটা ইছলামিক সংগঠনৰ বিৰুদ্ধে চৰ্চা হ’বলৈ ধৰিছে৷ অসমখনক পিএফআই নামৰ এটা ইছলামিক সংগঠন অস্থিৰ কৰিব খুজি কাম কৰাৰ অভিযোগৰ মাজতে হোজাই সমষ্টিৰ প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱে পিএফআইৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য প্ৰদান কৰিছে। সোমবাৰে হোজাইত শিলাদিত্য দেৱে পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া সন্দৰ্ভত বিস্ফোৰণ ঘটাই এনএছএৰৰ অধীনত তদন্ত কৰি সংগঠনটোক নিষিদ্ধ কৰাৰ দাবী জনায়। পিএফআই ভাৰতৰ বাবে ভয়ংকৰ সংগঠন বুলি অভিহিত কৰি উগ্ৰপন্থীৰ সৈতে সংযোগ বন্ধ নকৰিলে অনাগত দিনত ভাৰতৰ অৱসথা বেয়া হ’ব বুলি কয় দেৱে। পিএফআই-এ স্বেচ্ছাসেৱী সংস্থাৰ মুখা পিন্ধি হাতীগাঁৱৰ পৰা অসম অশান্ত কৰাৰ পৰিকল্পনা কৰি থকা বুলিও কয়। বটদ্ৰৱা কাণ্ডই নহয় পিএফআই-এ ‘কা’ আন্দোলনৰ সময়ত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ ভাঙিছিল বুলি অভিযোগ আনে৷ পিএফআই-এ আৰৱ দেশৰ পৰা পোৱা ফাণ্ডেৰে চৰ অঞ্চলত ভয়ংকৰ জাল পেলোৱাৰ পৰিকল্পনা কৰা বুলি অভিযোগ আনে৷ উজনিত বাংলাদেশীৰ আগ্ৰাসন আৰম্ভ হোৱা বুলিও মন্তব্য শিলাদিত্যৰ৷