সৰুপথাৰঃ গোলাঘাট জিলাৰ ধনশিৰিৰ বৰপথাৰ দীঘলীহোলা চাহ বাগিচাৰ কাৰ্যালয়ৰ সন্মুখত অসম চাহ জনজাতি ছাত্ৰ সন্থাই কেইবাটাও দাবীৰ সমৰ্থনত প্ৰতিবাদ সাব্যস্ত কৰে৷ অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাৰ গোলাঘাট জিলা সমিতিয়ে সমগ্ৰ গোলাঘাট জিলাৰ চাহ বাগিচাই বাগিচাই চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি, চাহ শ্ৰমিকৰ আগন্তুক দুৰ্গা পূজাত ২০ শতাংশ বনাচ প্ৰদান, শ্ৰমিকৰ ভূমি প্ৰট্টা প্ৰদান, ১৯৫১ৰ বাগিচা শ্ৰম আইন প্ৰদান কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে৷ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সৰুপথাৰ আৰু বৰপথাৰ শাখা, বৰপথাৰ উপ-শাখাৰ আৰু চাহ শ্ৰমিকৰ উদ্যোগত আটছাই প্ৰতিবাদ সাবস্ত কৰে।
আটছা জিন্দাবাদ, চাহ শ্ৰমিক জিন্দাবাদ, চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি ৩৫১ টকা বৃদ্ধি কৰক, চাহ শ্ৰমিকসকলৰ দুৰ্গা পূজাত ২০ শতাংশ বনাচ প্ৰদান কৰা, শ্ৰমিকৰ ভূমি পট্টা প্ৰদান কৰা, ১৯৫১চনৰ বাগিচাৰ শ্ৰম আইন প্ৰদান কৰক, অসম চৰকাৰ হায় হায়, অসম চৰকাৰ গ-বেক শ্ল’গানৰে প্ৰতিবাদ সাব্যস্ত কৰে। কাৰ্যসূচীত আটছাৰ সৰুপথাৰ শাখা সম্পাদক উমেশ ঘাটোৱাৰ, বৰপথাৰ শাখাৰ সভাপতি/সম্পাদক, সহঃ সম্পাদকৰ লগতে দুয়োটা শাখাৰ কমকৰ্তাসকল উপস্থিত থাকে।