বোকাজানঃ অসমত বসবাস কৰি থকা আদিবাসীসকলক শীঘ্ৰে জনজাতিৰ মৰ্যাদা প্ৰদানৰ দাবীত শেহতীয়াকৈ ব্যাপক প্ৰতিবাদী কাৰ্যসূচী অব্যাহত থকাৰ সময়তে আজি কাৰ্বি আংলং জিলাৰ পাৰখোৱা মাঝি গাঁৱত ’আছা’ৰ উদ্যোগত আদিবাসীসকলক জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ দাবীত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
গাঁওখনৰ ৰাজহুৱা ক্লাৱঘৰ প্ৰাংগনত ভালেসংখ্যক প্ৰতিবাদকাৰীয়ে হাতে হাতে জনজাতিকৰণৰ বিভিন্ন দাবী সম্বলিত প্লে-কাৰ্ড লৈ ন’ এছ টি ন’ ৰেষ্ট, আছা জিন্দাবাদ, জাগ জাগি যা জাগি যা, আদিবাসী জাগি যা আদি বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।
আজিৰ প্ৰতিবাদী কাৰ্যসূচীত ‘আছা’ৰ কাৰ্বি আংলং জিলা সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক ৰাকেশ কুজুৰ, প্ৰচাৰ সম্পাদক অনন্ত কুমাৰ গৌড়, প্ৰাক্তন সভাপতি ৰাজীৱ চুৰেন, ডকমকা আঞ্চলিক সমিতিৰ সভাপতি-সম্পাদক ক্ৰমে ইৰনুজ মিঞ্জ, প্ৰশান্ত টপ্প’ আদি উপস্থিত থাকে।