বোকাখাতঃ প্ৰতিষ্ঠাৰ গৌৰৱ পূৰ্ণ ১৮ বছৰ সম্পূৰ্ণ কৰিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পানবাৰীস্থিত বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰই। ঘাতমাউৰা, জাকৰ পৰা ফালৰ কাটি অহা, ৰোগীয়া জীৱন-জন্তু আৰু পোৱালীক শুশ্ৰুষা কৰি ডাঙৰ-দীঘল কৰাৰ মহৎ উদ্দেশ্যে লৈ বন বিভাগে স্থাপন কৰিছিল এই কেন্দ্ৰটো৷ এই কেন্দ্ৰটোত ইতিমধ্যে কেইবাটাও জীৱন-জন্তু পোহ-পাল দি ডাঙৰ-দীঘল কৰিছে৷
পানবাৰীস্থিত বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰই প্ৰতিষ্ঠাৰ ১৮ বছৰ সম্পূৰ্ণ কৰাত শুকুৰবাৰে প্ৰতিষ্ঠা দিৱস পালন কৰে সংস্থাটোৱে৷ ২০০২ চনৰ ২৮ আগষ্টত প্ৰতিষ্ঠা লাভ কৰা কেন্দ্ৰটোৰ ১৮ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি আনুষ্টুপীয়াকৈ কেন্দ্ৰটোৰ চৌহদতে পালন কৰা হয়৷ কাজিৰঙা ৰাষ্ট্ৰীয় সঞ্চালক পি শিৱকুমাৰৰ উপস্থিতিত অনুষ্ঠিত প্ৰতিষ্ঠা দিৱস আদৰণি ভাষণেৰে শুভৰাম্ভ কৰে৷ কেন্দ্ৰৰ পৰিচালক তথা ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ উপ-সঞ্চালক ড০ ৰথীন বৰ্মনে কেন্দ্ৰটোৰ ১৮ বছৰীয়া ইতিহাসৰ সচিত্ৰ উপস্থাপন দাঙি ধৰে৷ ড০ ৰথীন বৰ্মনে দিয়া তথ্য মতে উত্তৰ পুৰ্বাঞ্চলৰ অন্যতম কেন্দ্ৰটোৱে ভাৰতত প্ৰথম বাৰৰ বাবে এশিঙীয়া গঁড় পুনৰ সংস্থাপন কৰি ইতিহাস গঢ়িছে বুলি কয়৷
কেন্দ্ৰটোৰ জড়িয়তে এই পৰ্যন্ত মুঠ ১৯টা গঁড় বনাঞ্চলত পুনৰ সংস্থাপন কৰা হয়৷ ইয়াৰ উপৰিও হাতী, ভালুক, নাহৰফুটুকী, মাটি গাহৰিকে ধৰি বহু বন্যপ্ৰাণী কেন্দ্ৰীয় প্ৰটক’ল মতে পুনৰ সংস্থাপন কৰা হৈছে৷ ভাৰতৰ আগশাৰীৰ সন্থা ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াই অসমৰ বন বিভাগ আৰু ইণ্টাৰনেচনেল ফাণ্ড ফৰ এনিমেল ৱেলফেয়াৰৰ সহযোগত স্থাপন কৰা কাজিৰঙাৰ কেন্দ্ৰটোৱে অকল বন্যপ্ৰাণী পুনৰ সংস্থাপন কৰাৰ উপৰিও জন সজাগতাৰ বাবে এতিয়ালৈকে ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ৪২০গৰাকী ছাত্ৰ-ছাত্ৰী, বিভিন্ন বন সংমণ্ডলৰ পৰা অহা ৪৭০গৰাকী বনকৰ্মী আৰু বিভিন্ন গাঁৱৰ পৰা অহা ৫৮০গৰাকী লোকক বন্যপ্ৰাণী সংৰক্ষণৰ প্ৰশিক্ষণ প্ৰদান৷
কাজিৰঙাৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱসত কাজিৰঙাৰ ডিএফঅ’ ৰমেশ কুমাৰ গগৈ, নামেৰীৰ ডিএফঅ’ পংকজ শৰ্মা, বিশ্বনাথৰ ডিএফঅ’ মুকুট চন্দ্ৰ দাস, নগাঁৱৰ ডিএফঅ’ অৰুণ বিঘ্নেশ, কাজিৰঙাৰ গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মা, গোলাঘাট জিলাৰ অ’নাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন উত্তম শইকীয়াকে ধৰি ভলে সংখ্যক ব্যক্তি উপস্থিত থাকে৷ অনুষ্ঠানত অসমত বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন সম্পৰ্কত সংবাদ মাধ্যমৰ গুৰুত্ব আৰু আগত দিনত বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ কৰণীয় সম্পৰ্ক আলোচনা কৰা হয়৷