পঙ্কজ কুমাৰ লহকৰ, নলবাৰীঃ নলবাৰী জিলাৰ পশ্চিম বড়িগোগ মৌজাৰ পাত্ৰ পুখুৰীপাৰ উচ্চ মাধ্যমিক বিদ্যালয়ত আজি গুণোৎসৱ উদযাপন পালন কৰা হয়।পুৱা প্ৰাৰ্থনাৰে আৰম্ভ হোৱা গুণোৎসৱত ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী আৰু বিদ্যালয় পৰিচালনা সমিতিয়ে সহযোগ কৰে। পশ্চিম বড়িগোগ আঞ্চলিক কলেজৰ ইংৰাজী বিভাগৰ অধ্যাপক বাণ্টুলাল মেধী পৰ্যবেক্ষক হিচাপে উপস্থিত থাকি বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ পৰীক্ষা অনুষ্ঠিত কৰে। গুণোৎসৱৰ সৈতে সংগতি ৰাখি বিদ্যালয়ত উপস্থিত বিশিষ্ট ব্যক্তিসকলক একোখন ফুলাম গামোছাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। বিদ্যালয়খনৰ শৈক্ষিক পৰিবেশ আৰু আন্তঃগাঁঠনিৰ সন্দৰ্ভত আলোচনা কৰা হয়। ১৯৬০ চনত স্থাপিত হোৱা বিদ্যালয়খনৰ শৈক্ষিক দিশত আগৰণুৱা যদিও বিদ্যালয়খনৰ আন্তঃগাঁঠনি একেবাৰে দুৰ্বল। চৰকাৰৰ পৰা আন্তঃগাঁঠনিৰ নামত বিশেষ একো পোৱা নাই বুলি বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মহেশ্বৰ কলিতা আৰু প্ৰধান শিক্ষক নৃপেন্দ্ৰ দাসে জানিবলৈ দিয়াৰ লগতে বিদ্যালয়খনৰ আন্তঃগাঁঠনিক চৰকাৰে গুৰুত্ব দিলে ৬২ বছৰীয়া বিদ্যালয়খনে শৈক্ষিক দিশত এটা নতুন বাতাবৰণৰ সৃষ্টি কৰিব বুলি কয়৷