ডিজিটেল ডেস্কঃ ‘পাঠান’ অপসংস্কৃতি৷ ‘পাঠান’ক মই হিট বুলি নাভাবো৷ অপ-সংস্কৃতিক মই গুৰুত্ব নিদিও৷” এই মন্তব্য কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই৷ ‘পাঠান’ চোৱা-নোচোৱা সন্দৰ্ভত ভৱেশ কলিতাই কয় যে আঢ়ৈ ঘণ্টা সময় বহি থাকি চিনেমা চোৱাৰ সময় নাই৷ দহ মিনিট সময় ভালদৰে নাপাওঁ৷ যিসকলে অপ-সংস্কৃতিক বেছি প্ৰাধান্য দিছে তেওঁলোক ‘পাঠান’ চাবলৈ গৈছে৷ লগতে কলিতাই কয়, “আমি অসমীয়া মানুহ৷ অপ-সংস্কৃতি ভাল নাপাওঁ৷ ‘কাশ্মীৰ ফাইলছ’ চাইছিলো৷ চিনেমাখন চোৱাৰ প্ৰয়োজন আছিল৷” আনহাতে সময় পালে ড০ বেজবৰুৱা-২ চাম বুলিও কয় কলিতাই৷