ডিজিটেল ডেস্কঃ ব্যক্তিগত কাৰণত আইপিএল-২০২০ত অংশ গ্ৰহণ নকৰি দেশলৈ উভতি আহিছে ভাৰতৰ ক্ৰিকেটাৰ সুৰেশ ৰাইনা৷ শনিবাৰে ডুবাইৰ পৰা চেন্নাই চুপাৰ কিংছৰ কেম্পৰ পৰা ভাৰতলৈ ৰাওনা হয়৷ কিন্তু ৰাইনাই কেম্প এৰি অহাৰ কাৰণ ৰাজহুৱা কৰা নাই যদিও ব্যক্তিগত কাৰণত কেম্প এৰি অহা বুলি জানিব পৰা গৈছে৷
আনহাতে পঞ্জাৱৰ পাঠাকোটত দুৰ্বত্তৰ আক্ৰমণ সংঘটিত হৈছে৷ এই আক্ৰমণত সুৰেশ ৰাইনাৰ পেহাক নিহত হোৱাৰ লগতে পেহীয়েকৰ সংকটজনক অৱস্থা বুলি জানিব পৰা গৈছে৷ ৰাইনাৰ পেহাকৰ ঘৰ হৈছে পাঠানকোটৰ থাৰিয়ালত৷ পাঠানকোটত পেহাকৰ পৰিয়াল বসবাস কৰি আহিছে৷ খবৰ মতে, ১৯ আগষ্টত অস্ত্ৰ-শস্ত্ৰৰে সজ্জিত দুৰ্বত্তই আক্ৰমণ কৰিছিল সুৰেশ ৰাইনাৰ পেহাৰ ঘৰত৷
হস্পিতালত এই মুহূৰ্তত সুৰেশ ৰাইনাৰ পেহীয়েক মৃত্যুৰ সৈতে যুঁজ দিছে৷ এই আক্ৰমণত মৃত্যু হৈছে পেহাক ৫৮ বছৰীয়া অশোক কুমাৰৰ৷ অশোক কুমাৰৰ দুই পুত্ৰ আছে৷ আক্ৰমণত দুই পুত্ৰও আহত হৈছে৷ অশোক কুমাৰৰ বৃদ্ধ পিতৃ-মাতৃও আহত হৈছে৷ প্ৰথম অৱস্থাত এই ঘটনাক গুৰুত্ব প্ৰদান কাৰ নাছিল স্থানীয় আৰক্ষী৷ যেতিয়া ক্ৰিকেটাৰ সুৰেশ ৰাইনাৰ আত্মীয় বুলি অৱগত হয় তেতিয়াই আৰক্ষীৰ জোৰদাৰ তদন্ত আৰম্ভ কৰে৷