গদ্য সাহিত্যত এটা জাতিৰ চাৰিত্ৰিক বৈশিষ্ট্য প্ৰকাশ পায়৷ অসমৰ গদ্য সাহিত্যৰ জনক কবিৰত্ন ভাগৱত ভট্টাচাৰ্য বা ভট্টদেৱৰ গদ্য সাহিত্যৰ দ্বাৰা প্ৰকাশ পাইছিল সেই সময়ৰ বহু অৰ্থ-সামাজিক দিশ৷ বজালী জিলাৰ উপায়ুক্ত ভৰত ভূষণ দেৱ চৌধুৰীয়ে আজি এইদৰে কয়৷ পাঠশালা বজাৰ সমিতিৰ উদ্যোগ স্থানীয় হৰি মন্দিৰ প্ৰাঙ্গণত বিশিষ্ট লেখক সমাজকৰ্মী প্ৰমোদ শৰ্মাৰ ১৯সংখ্যক গ্ৰন্থ ‘শ্ৰীশ্ৰী ভট্টদেৱ’ নামৰ গ্ৰন্থখন উন্মোচন কৰি এইদৰে কয় উপায়ুক্তগৰাকীয়ে৷ ১৫৫৮ খ্ৰীষ্টাব্দত বজালীৰ কালদিয়া নৈৰ পাৰৰ বিছনকুছি গাঁৱত জন্মগ্ৰহণ কৰা মহাপুৰুষ ভট্টদেৱ আছিল এটি বিশাল ব্যক্তিৰ অধিকাৰী। বিশেষ গুনেৰে সমৃদ্ধ মহাপুৰুষক আজি কম সংখ্যক মানুহে জানে৷ সেইবাবে ভট্টদেৱৰ সন্দৰ্ভ ছাত্ৰ-ছাত্ৰীসকলক নতুকৈ জনাৰ বাবে এক উচ্চস্তৰ গৱেষণাৰ প্ৰয়োজন৷ আনহাতে এই বিৰল কিতাপ খন উন্মোচন কৰিবলৈ পাই নিজকে ধন্য বুলি কয় উপায়ুক্তগৰাকীয়ে৷