বজালীৰ পৰা কৈলাস চৌধুৰীঃ বজালীৰ জিলাৰ সদৰ পাঠশালাৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ হৰিপুৰ চ’কৰ সমীপত ভয়াবহ পথত দুৰ্ঘটনা সংঘটিত হয়৷ সন্ধিয়া প্ৰায় ৬বজাত এখন অচিনাক্ত চাৰিচকীয়া বাহনে মহতীয়াই নিয়াৰ ফলত দুগৰাকী লোকৰ থিতাতে নিহত হয়৷ আন এজন লোকক মুমূৰ্ষু অৱস্থাত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত উদ্ধাৰ হয়৷ আহত মহিলাগৰাকীক কিছু সময়ৰ পিছত ১০৮ত পাঠশালা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় উন্নত চিকিৎসাৰ বৰপেৰটাৰ ফখৰুদ্দিন আলি আহমেদ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে৷ নিহত এগৰাকী লোক চাইকেল আৰোহী আৰু আন এগৰাকী পথচাৰী মহিলা৷ গুৰুতৰভাৱে আহত মহিলাগৰাকী বজালী জিলাৰ চলিয়াপাৰা নিবাসী পাৰুল দাস বুলি জানিব পৰা গৈছে৷ আনহাতে দুৰ্ঘটনাত থিতাতে নিহত ব্যক্তিগৰাকী বৰবাং গাঁৱৰ নৃপেন কলিতা বুলি জানিব পৰা গৈছে৷ পথৰ কাষত পৰি থকা নিহত কলিতাৰ দুৰ্ঘটনাত পতিত চাইকেলখন আৰু বেগ উদ্ধাৰ হৈছে৷ বজালীৰ এজন সমাজকৰ্মী নৃপেন কলিতাৰ মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে৷ প্ৰাক্তন ফুটবল খেলুৱৈ অথা পাঠশালা সাহিত্য প্ৰাক্তন সম্পাদক আছিল৷ অঞ্চলটো বিভিন্ন সামাজিক অনুষ্ঠানত জড়িত আছিল ৬৬ বছৰীয়া কলিতা৷