বজালীঃ বান আৰু ক’ৰোনাৰ তাণ্ডৱৰ মাজেত পাঠশালাত বিদ্যুৎস্পৃষ্ট হৈ এজন যুৱকৰ মৃত্যু হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। মৃত যুৱক জন পাঠশালা শৰ্মা টকীজ চিনেমা হলৰ কৰ্মচাৰী আছিল বুলি জানিব পৰা গৈছে। পাঠশালা ৰূপনগৰৰ বিজয় দাসে দেওবাৰে সন্ধিয়াৰ পৰা সন্ধানহীন হৈ আছিল। সোমাবাৰে পুৱা বিজয়ৰ নিথৰ দেহ চিনেমা হলৰ পিছপিনে থকা ডিজি মেচিনৰ ওচৰত পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে। মৃতদেহত বিদ্যুতৰ তাৰ প্ৰত্যক্ষ কৰাত যুৱকজনৰ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱা বুলি জানিব পাৰ যায়৷ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজলৈ নিয়াৰ ব্যৱস্থা কৰে আৰক্ষীয়ে।