May 25, 2022, 12:28 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি গোৱৰ্ধনা আৰক্ষী থানা এলেকাত অঘটনঃ মেচিনত সোমাই ২২ বছৰীয়া শ্ৰমিকৰ মৃত্যু শ্ৰীনগৰত আৰক্ষী জোৱান মালিক চাহিব সৌৰা আনচাৰক গুলীয়াই হত্যা, ৭ বছৰীয়া কন্যা আহত উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপত অচিনাক্ত মৃতদেহ উদ্ধাৰ কামপুৰত পুনৰ বানত উটি গৈ শিশুৰ মৃত্যু তামিলনাডুত বিজেপি নেতাক গুলীয়াই হত্যা মৃত্যু আহে সংগোপনে, মঙলবাৰৰ পুৱাৰ দৌৰেই হৈ পৰিল শেষবাৰৰ দৌৰ… কোকৰাঝাৰত পুনৰাই নাৱালিকাক ধৰ্ষণঃ তিনি পাষণ্ড আফুৰউদ্দিন, মুস্তাফা, ছামেজউদ্দিন গ্ৰেপ্তাৰ বৰক্ষেত্ৰীৰ চৰাঞ্চল পৰিদৰ্শন কংগ্ৰেছী বিধায়ক দিগন্ত বৰ্মন ৰেকিবুদ্দিন আহমেদ, বসন্ত দাসৰ বিৰোধী একত্ৰিত হ’লে দখল কৰিব পাৰিব ৰাষ্ট্ৰপতিৰ আসনঃ নাড্ডাৰ ঘৰত বিজেপিৰ গুৰুত্বপূৰ্ণ বৈঠক অসম আন্দোলনৰ সক্ৰিয় কৰ্মী-সমাজসেৱক থানেশ্বৰ বৰাৰ মৃত্যু, মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ

পাটাছাৰকুছিৰ জাতীয়তাবাদী নেতা তথা বিশিষ্ট সমাজকৰ্মী মনোমোহন গোস্বামীৰ ৰহস্যজনক মৃত্যু

Reporter Name
  • Update Time : Monday, February 21, 2022
  • 78 Time View

পাটাছাৰকুছিঃ বজালী জিলাৰ পাটাছাৰকুছিৰ বিশিষ্ট সমাজকৰ্মী তথা জাতীয়তাবাদী নেতা মনোমোহন গোস্বামী(৬৫)ৰ শনিবাৰে নিশা আকস্মিক মৃত্যু হয়। জানিব পৰা মতে, শনিবাৰে সন্ধিয়া লোকজনে পাটাছাৰকুছিত প্ৰাগজ্যোতি ক্লাবৰ উদ্যোগত অনুষ্ঠিত হোৱা উপহাৰ কুপনৰ খেলত ব্যস্ত আছিল। খেল চলি থকাৰ মাজতে গোস্বামীয়ে তাৰ পৰা ওলাই আহে। হঠাৎ কিছু সময় পিছতে নিশা দহ মান বজাত সম্মুখৰে ৰাষ্ট্ৰীয় ঘাইপথত গোস্বামীক মূমূৰ্ষু অৱস্থাত পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে স্থানীয় লোকে। লগে লগে চৌদিশে হুৱাদুৱা লাগে আৰু ৰাইজে পাঠশালা চিকিৎসালয়লৈ প্ৰেৰণ কৰে। কিন্তু চিকিৎসালয়ত তেওঁক চিকিৎসকে মৃত ঘোষণা কৰে। আৰক্ষীয়ে কোনো বাহনে দুৰ্ঘটনা কৰাৰ সন্দেহ কৰিছে যদিও আৰক্ষী থানাৰ নিলগতে হোৱা উক্ত ঘটনাত কি বাহন জড়িত আছিল তাৰ কোনো তথ্য দিব নোৱাৰাত সমগ্ৰ ঘটনাটো ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে। উল্লেখ্য যে, তেওঁ আগন্তুক পাটাছাৰকুছি পৌৰসভা নিৰ্বাচনৰ ৭ নং ৱাৰ্ডৰ জাতীয় পৰিষদ দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী আছিল। কেইদিনমান পূৰ্বে নিৰ্বাচনৰ মনোনয়ন দাখিল কৰা প্ৰাৰ্থীজনৰ এনেধৰণৰ আকস্মিক ৰহস্যজনক মৃত্যুত ম্ৰিয়মান পাটাছাৰকুছিবাসী। তেওঁৰ মৃত্যুৰ লগে লগে সামৰণি পৰিল এক বৰ্ণিল জীৱন পৰিক্ৰমাৰ। ছাত্ৰ অৱস্থাতে ছাত্ৰ ৰাজনীতিৰ সৈতে জড়িত আছিল গোস্বামী। অসম আন্দোলনৰ অগ্ৰণী নেতা আছিল গোস্বামী। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বৰপেটা জিলাৰ সভাপতিৰ পদ অলংকৃত কৰাৰ উপৰি কেন্দ্ৰীয় সমিতিতো গুৰু দায়িত্ব পালন কৰিছিল। পিছলৈ অসম গণ পৰিষদত যোগদান কৰি বৰপেটা তথা বজালী জিলা অগপৰ নেতৃত্ব লোৱাৰ উপৰি অগপৰ সাধাৰণ পৰিষদৰ সদস্য তথা কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য আদি নিৰ্বাচিত হৈছিল। অগপত দীৰ্ঘবছৰ সেৱা আগবঢ়োৱাৰ পিছত অগপ নেতৃত্বই কা আইনৰ বলবৎকে ধৰি আন ক্ষেত্ৰত লোৱা ভূমিকাত ক্ষুণ্ণ হৈ যোৱা বছৰ নৱগঠিত অসম জাতীয় পৰিষদত যোগদান কৰে। মৃত্যুৰ সময়লৈ তেওঁ অসম জাতীয় পৰিষদৰ পাটাছাৰকুছি বিধানসভা সমিতিৰ সভাপতিৰ দায়িত্বত আছিল। কোনো দিনেই তেওঁ আঞ্চলিকতাবাদী চৰিত্ৰৰ পৰা আঁতৰি অহা নাছিল। ইয়াৰ উপৰি পাটাছাৰকুছিৰ প্ৰতিটো অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত তেওঁ জড়িত আছিল। কালি মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি দুপৰীয়া গোস্বামীৰ নশ্বৰদেহ পাটাছাৰকুছিত উপস্থিত হোৱাৰ লগে লগে অৰ্ধশতাধিক দল-সংগঠন তথা অনুষ্ঠানে শেষ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। পিছত বাসগৃহত পৰিয়াল তথা আত্মীয়-স্বজনে শেষ শ্ৰদ্ধা জনোৱাৰ পিছত বিয়লি অলেখ গুণমুগ্ধৰ উপস্থিতিত পাটাছাৰকুছি শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়। মৃত্যুৰ সময়ত গোস্বামীয়ে বৃদ্ধা মাতৃ, পত্নী, দুই পুত্ৰ তথা বহু আত্মীয় স্বজনক এৰি থৈ যায়।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে