কৰাচীঃ পাকিস্তানত পুনৰ সংঘটিত হৈছে সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা। দেশখনৰ কৰাচীত থকা পাকিস্তান ষ্টক এক্সচেঞ্জত বন্দুকধাৰীয়ে সোমবাৰে সংঘটিত কৰে এই আক্ৰমণ।বাতৰি অনুসৰি, পাকিস্তান ষ্টক এক্সচেঞ্জৰ বিল্ডিঙত চাৰিজন বন্দুকধাৰী প্ৰৱেশ কৰি জধেমধে গুলীচালনা কৰে।
বন্দুকধাৰীকেইজনৰ অতৰ্কিত আক্ৰমণত ৬ জন লোক নিহত হোৱা বুলি জানিব পৰা গৈছে। এই ঘটনাত কেবাজনো লোক আহত হোৱাৰো বাতৰি পোৱা গৈছে। পিছত পাক সেনা আৰু স্থানীয় আৰক্ষীয়ে চাৰিওজন আক্ৰমণকাৰীকে গুলীয়াই নিহত কৰে।
পাক সংবাদমাধ্যমত প্ৰকাশিত বাতৰি অনুযায়ী আক্ৰমণকাৰী কেইজনে আৰক্ষী বিষয়াৰ পোছাক পিন্ধি অট্টালিকাটোত প্ৰৱেশ কৰিছিল। আক্ৰমণকাৰীকেইজনে অত্যাধুনিক অস্ত্ৰৰে আক্ৰমণ চলোৱাৰ লগতে এটা বেগত বিস্ফোৰক কঢ়িয়াই আনিছিল বুলি অনুমান কৰা হৈছে। অধিক তথ্যৰ বাবে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অনুসন্ধান আৰম্ভ কৰিছে।