পাকিস্তানৰ নেচনেল এচেম্বলী ভংগ কৰাৰ শুনানি কাইলৈ স্থগিত ৰাখিছে উচ্চতম ন্যায়ালয়ে৷ আজি কোনো ৰায় নিদিলে পাকিস্তান উচ্চতম ন্যায়ালয়ে৷ কাইলৈ পুনৰ ৪ এপ্ৰিলত অনুষ্ঠিত হ’ব৷ এই খবৰে পাকিস্তানৰ বিৰোধীক কিছু হতাশ কৰিবষ কিয়নো উচ্চতম ন্যায়ালয়ে ৰায়ে সকাহ দিব বুলি আশা কৰিছিল বিৰোধীয়ে৷
অনাস্থা প্ৰস্তাৱৰ পূৰ্বে জাতীয় সংসদ ভংগ কৰাত দেশখনৰ ন্যায়ালয়ৰ কাষ চাপিছিল পাকিস্তানৰ বিৰোধী দলসমূহে৷ প্ৰস্তাৱৰ মুখামুখি হোৱাৰ পূৰ্বে জাতীয় সংসদ ভংগ কৰাত বিৰোধীয়ে সংবিধান উলংঘা কৰাৰ অভিযোগ আনি জাতীয় সংসদ বাহাল কৰাৰ দাবীত উচ্চতম ন্যায়ালয়ৰ কাষ চাপে৷ জাতীয় সংসদ বাহাল কৰি সংখ্যাগৰিষ্ঠতা প্ৰতিপন্ন কৰিবলৈ সুবিধা প্ৰদান কৰিবলৈ উচ্চতম ন্যায়ালয় দিয়া আৰ্জিৰ শুনানি আজি অনুষ্ঠিত হয়৷ স্থানীয় সময় অনুসৰি সন্ধিয়া ৫ বজাত ভাৰতীয় সময় মতে সন্ধিয়া ৫:৩০ বজাত শুনানি অনুষ্ঠিত হয়৷ পাকিস্তানৰ নেচনেল এচেম্বলী ভংগ কৰাৰ প্ৰস্তাৱ নাকচ কৰি বাহাল কৰাৰ নিৰ্দেশ দিব বুলি আশা কৰিছে বিৰোধীয়ে৷
আনহাতে পাকিস্তান জাতীয় সংসদৰ বাহিৰত তদানীন্তন শাসক পক্ষ পাকিস্তান তেহৰিক-ই-ইনচাফৰ একাংশ সাংসদে বিৰোধী পাকিস্তান মুছলিম লীগ আৰু পাকিস্তান পিপলছ পাৰ্টিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি শ্ল’গান দিয়ে৷ পাকিস্তান মুছলিম লীগ আৰু পাকিস্তান পিপলছ পাৰ্টিৰ আমেৰিকাৰ হাতৰ পুতলা আখ্যা দিয়ে৷ আমেৰিকাৰ ঘনিষ্ঠসকল গড্ডাৰ বুলি কয়৷ শাসক পক্ষ পাকিস্তান তেহৰিক-ই-ইনচাফৰ একাংশ সাংসদে কয় যে ইমৰান খানে পাকিস্তানক বচাব পাৰিব৷ আমেৰিকাৰ বন্ধুসকলে দেশ চলাব খুজিছে৷ এইসকল বিশ্বাসঘাতক৷ আজি আবেলি পাকিস্তানৰ নেচনেল এচেম্বলী ভংগ হোৱাৰ পিছত পাকিস্তানৰ সংসদৰ বাহিৰত শ্ল’গান দিয়ে পাকিস্তান তেহৰিক-ই-ইনচাফৰ সাংসদে৷
বিৰোধীৰ অনাস্থা প্ৰস্তাৱ খাৰিজ কৰি জাতীয় সংসদ ভংগ কৰাৰ পিছতে ৯০ দিনৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে সাজু হৈছে পাকিস্তানৰ ৰাষ্ট্ৰপতি৷ ৰাষ্ট্ৰপতিয়ে শাসন কৰিবলগীয়া পাকিস্তানৰ বিৰোধীয়ে এয়া সংবিধান বিৰোধী বুলি কয়৷ প্ৰধান বিৰোধী দল পাকিস্তান পিপলছ পাৰ্টিৰ অধ্যক্ষ তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী বেনজীৰ ভুট্টোৰ পুত্ৰ বিলাৱাল ভুট্টো জাৰ্দাৰীয়ে চৰকাৰে সংবিধান উলংঘা কৰা বুলি অভিযোগ আনে। অনাস্থা প্ৰস্তাৱত ভোটদানৰ অনুমতি দিয়া নাছিল বুলি অভিযোগ আনি ঐক্যবদ্ধ বিৰোধীয়ে সংসদ এৰি যোৱা নাই বুলি কয়। আমাৰ অধিবক্তা উচ্চতম ন্যায়ালয়লৈ গৈছে। আমি সকলো প্ৰতিষ্ঠানক পাকিস্তানৰ সংবিধান সুৰক্ষিতভাৱে বজাই ৰখা, প্ৰতিৰক্ষা আৰু কাৰ্যকৰী কৰিবলৈ আহ্বান জনাইছো বুলি কয় বিলাৱাল ভুট্টো জাৰ্দাৰীয়ে৷