March 29, 2023, 10:47 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

পাইলটক ৰাজস্থান চৰকাৰৰ পাইলট বনাব খুজি দলৰ পৰা নিলম্বিত হ’ল সঞ্জয় ঝা

Reporter Name
  • Update Time : Wednesday, July 15, 2020
  • 155 Time View

ডিজিটেল ডেস্কঃ ৰাজস্থানত কংগ্ৰেছৰ দুটা ফৈদৰ মাজত ক্ষমতা দখলক লৈ ৰণ অব্যাহত থকাৰ সময়তে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা সঞ্জয় ঝাক দলৰ পৰা বহিস্কাৰ কৰে৷ সঞ্জয় ঝাই ৰাজস্থানৰ উপ-মুখ্যমন্ত্ৰী তথা বিসম্বাদী শচীন পাইলটক ৰাজস্থানৰ মুখ্যমন্ত্ৰী নিয়োগ কৰিবলৈ ওকালতি কৰিছিল৷ সঞ্জয় ঝাই শচীন পাইলটে ৫ বছৰে কৰা কষ্টৰ কথা কৈ প্ৰশংসা কৰিছিল৷ তাৰ পিছতে ঝাক কংগ্ৰেছৰ মুখপাত্ৰ পদৰ পৰা অপসাৰণ কৰাই নহয় দলৰ পৰা বহিস্কাৰ কৰে। কংগ্ৰেছে দলবিৰোধী আখ্যা দি অনুশাসন ভংগৰ অভিযোগত সঞ্জয় ঝাক কংগ্ৰেছ দলৰ পৰা নিলম্বিত কৰে৷

ব্যাপক জল্পনা-কল্পনাৰ অন্তত ৰাজস্থানৰ উপ-মুখ্যমন্ত্ৰী শচীন পাইলটসহ তিনিজন মন্ত্ৰীক মঙলবাৰে পদৰ পৰা অপসাৰিত কৰিছিল কংগ্ৰেছে৷ শাসকীয় ৰাজস্থান কংগ্ৰেছে মঙলবাৰে অনুষ্ঠিত কৰা বিধায়িনী দলৰ বৈঠকত উপ-মুখ্যমন্ত্ৰী শচীন পাইলট, মন্ত্ৰী বিশ্বেন্দ্ৰ সিং আৰু ৰমেশ মিণাক মন্ত্ৰী পদৰ পৰা আতৰোৱাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰিছিল৷ কিন্তু বুধবাৰে শচীন পাইলটে কংগ্ৰেছ এৰি নোযোৱাৰ ইংগিত দিয়ে৷ তেওঁ বিজেপিলৈ নোযোৱাৰ লগতে কেন্দ্ৰীয় নেতৃত্বক তেওঁৰ বিৰুদ্ধে ভুল বাৰ্তা দিয়া বুলি কৈ দাগ লগাব খোজা বুলি কয়৷

তাৰ উপৰিও সোমবাৰে নিশা শক্তি দেখুৱাইছিল ৰাজস্থানৰ উপ-মুখ্যমন্ত্ৰী শচীন পাইলটে৷ প্ৰায় ১৫গৰাকী বিধায়কসহ এক বৈঠক অনুষ্ঠিত কৰাৰ ভিডিঅ’ প্ৰচাৰ কৰে শচীন পাইলটে পন্থীয়ে৷ উক্ত বৈঠকত খোদ উপস্থিত আছিল শচীন পাইলট৷ আনহাতে সোমবাৰে দিনৰ ভাগত ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে প্ৰায় ১০৯গৰাকী বিধায়কসহ নিজৰ শক্তি প্ৰদৰ্শন কৰিছিল৷ নিজ অৱাসত মুখ্যমন্ত্ৰী অশোক গেহলটে অনুষ্ঠিত কৰা বিধায়িনী দলৰ বৈঠকত কংগ্ৰেছৰ ৩গৰাকী কেন্দ্ৰীয় নেতা উপস্থিত আছিল৷

দেওবাৰে শচীন পাইলট পন্থীয়ে শচীন পাইলটৰ সৈতে ৩০গৰাকী বিধায়ক থকাৰ লগতে অশোক গেহলেটৰ চৰকাৰ সংখ্যাগৰিষ্ঠতা হেৰুওৱা বুলি দাবী কৰিছিল৷ তাৰ পিছতে ৰাজস্থানৰ ৰাজনীতিত ধুমুহা আহে৷

সোমবাৰে কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা ৰণদ্বীপ সুৰজেৱালাই শচীন পাইলাটৰ বাবে কংগ্ৰেছৰ দুৱাৰ খোলা আছে বুলি কৈছিল৷ কেৱল তেওঁৰ অভিযোগসমূহ দলৰ ওচৰত উপস্থাপন কৰিবলৈ আহ্বান জনায়৷ দেওবাৰৰ পৰা আৰম্ভ হোৱা ৰাজস্থানৰ কংগ্ৰেছ চৰকাৰৰ অচলাৱস্থাৰ পিছতে শচীন পাইলটক শেষ সুযোগ প্ৰদান কৰিছিল কংগ্ৰেছে৷ কিন্তু শচীন পাইলট সহ তিনি মন্ত্ৰীক অপসাৰিত কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে৷

উল্লেখ্য যে, অশোক গেহলেটৰ চৰকাৰৰ বিৰুদ্ধে নিজ দলৰে যুৱ নেতা তথা ৰাজ্যৰ উপ-মুখ্যমন্ত্ৰী শচীন পাইলটে বিসম্বাদ আৰম্ভ কৰি অশোক গেহলেটৰ চৰকাৰে সংখ্যাগৰিষ্ঠতা হেৰুওৱাৰ লগতে তেওঁৰ সৈতে ৩০ বিধায়কৰ সমৰ্থন থকা বুলি দাবী কৰাৰ পিছৰে পৰা ৰাজস্থানত ৰাজনৈতিক পৰিবেশ গৰম হৈ পৰা৷

২০১৮ চনৰ ১৭ ডিচেম্বৰত মুখ্যমন্ত্ৰী হিচাপে শপত লৈছিল অশোক গেহলটে৷ একেটা দিনতে উপ-মুখ্যমন্ত্ৰী হিচাপে শপত লৈছিল শচীন পাইলটে৷ কিন্তু মুখ্যমন্ত্ৰী নিৰ্বাচনৰ সময়ত উত্তাল পৰিবেশৰ সৃষ্টি হৈছিল যদিও শচীন পাইলট আৰু অশোক গেহলটে একেলগে চৰকাৰ চলাই আছিল৷ কিন্তু দুয়োৰে মাজত ক্ষমতাৰ অৰিয়া-অৰি আৰম্ভ হৈছিল৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে