বেবেজীয়াঃ নগাঁও জিলাৰ বেবেজীয়াৰ জামুগুৰিৰ বিলৰমূৰ নিবাসী সুৰেণ ডেকা (বৰচিলিয়া) আৰু সুমিত্ৰা ডেকাৰ ঘৰখনলৈ অজানিতে নামি আহিছে ঘোৰ অমানিশা৷ দৰিদ্ৰ দম্পতীহালৰ পু-বোৱাৰী তৰালী বৰদলৈ ডেকাই (২৯) বৰ্তমান চকুলো টুকি টুকি বাট চাইছে কাল আন্ধাৰে আৱৰি ধৰা ভয়াবহ ভৱিষ্যতলৈ৷
বিগত প্ৰায় ছয়মাহ ধৰি শাৰীৰিক অসুস্থতাত ভুগি থকা তৰালী প্ৰথমাৱস্থাত জণ্ডিছ ৰোগত আক্ৰান্ত হৈছিল যদিও গাঁৱলীয়া পদ্ধতিৰে কৰা চিকিৎসাত তিনিমাহ মানৰ পিছত কিছু পৰিমাণে সুস্থ হৈ উঠিছিল৷ কিন্তু ইয়াৰ পিছতেই তৰালী পুনৰ পেট ফুলাৰ দৰে অন্য এক ৰোগত আক্ৰান্ত হোৱাৰ সমান্তৰালভাৱে ইতিমধ্যে এটি কন্যা সন্তান জন্ম দিয়ে তৰালীয়ে৷ পিছে পহিলাতে সন্তান প্ৰাপ্তিৰ আনন্দত উৎফুল্লিত হৈ পৰা তৰালীৰ মুখত এতিয়া নাই হাঁহি-আনন্দৰ ৰূপৰেখা৷
আনকি তেওঁৰ শহুৰ আৰু শাহুৱেকেও বোৱাৰীৰ ৰূগ্নপ্ৰায় শৰীৰটো আগত লৈ কেৱল হুমুনিয়াহ কঢ়াৰ বাহিৰে গত্যন্তৰ নোহোৱা অৱস্থা৷ কাৰণ অত্যধিক পানী জমা হৈ ফুলি উঠা পেটটোৰ বাবেই যোৱা কেইবামাহো ধৰি বিনিদ্ৰ ৰজনী কটাইছে তৰালীয়ে৷ তদুপৰি উঠা-বহা কৰাত অপাৰগ হৈ পৰা ছমহীয়া সন্তানটিকো তৰালীয়ে জন্মৰে পৰা মাতৃদুগ্ধ পান কৰোৱাব নোৱাৰাৰ দৰে দুৰৱস্থাত ভুগি তীব্ৰ মানসিক যন্ত্ৰণাত কাতৰ হৈ পৰিছে৷ দিন হাজিৰা কৰি কোনোমতে পেটৰ ভাতমুঠি মোকলোৱা স্বামী প্ৰাঞ্জল ডেকাইও বোবা হৈ মাথো পত্নী-কন্যাৰ মুখলৈ ৰ লাগি চাই থকাৰ বাহিৰে বিকল্প নোহোৱা হৈছে৷
তৎস্বত্বেও প্ৰাঞ্জলৰ মাতৃ সুমিত্ৰা ডেকাই মৰমৰ বোৱাৰী আৰু নাতিনীজনীক আৰোগ্য কৰি তোলাৰ দুৰ্বাৰ বাসনাত মানুহৰ হাতে ভৰিয়ে ধৰিও পোৱা নাই কোনো সঁহাৰি৷ সেয়ে এতিয়া তৰালীৰ লগতে দুৰ্ভগীয়া পৰিয়ালটোয়ে আগ্ৰহেৰে বাট চাইছে হৃদয়ৱান লোকৰ সহায়ৰ আশাত৷ গতিকে কোনো লোকে যদি কিঞ্চিত সহায়ৰ হাত আগবঢ়াব বিচাৰে তেনেহ’লে ০৬৩৫০১০২৫০৪৫০ নম্বৰ একাউণ্টত আৰ্থিক সাহায্য প্ৰদানৰ লগতে ৭৬৩৭৯-০৩৯৭০ ম’বাইল নম্বৰত যোগাযোগ কৰিব পাৰিব৷