March 21, 2023, 1:15 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

পহিলা বহাগত অসমত কেন্দ্ৰীয় মন্ত্ৰী মীণাক্ষী লেখী, হাইলাকান্দিৰ উন্নয়নমূলক আঁচনিৰ পৰ্যবেক্ষণ

Reporter Name
  • Update Time : Friday, April 15, 2022
  • 97 Time View

পহিলা বহাগত অসম ভ্ৰমণ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী মীণাক্ষী লেখীয়ে৷ আজি পুৱাই বৰাকৰ শিলচৰত উপস্থিত হয়৷ কেন্দ্ৰীয় বিদেশ তথা সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ প্ৰতিমন্ত্ৰী মীণাক্ষী লেখীয়ে হাইলাকান্দি জিলাত ৰূপায়িত বিভিন্ন উন্নয়নমূলক আচঁনি পৰ্যবেক্ষণ কৰে। উচ্চাকাংক্ষী জিলা হিচাপে হাইলাকান্দি জিলাত কৃষি, সমাজ কল্যাণ, শিক্ষা, জনস্বাস্থ্য কাৰিকৰী, পঞ্জায়ত আৰু গ্ৰামোন্নয়ন, স্বাস্থ্য বিভাগৰ বিভিন্ন আঁচনি মন্ত্ৰীগৰাকীয়ে পৰ্যবেক্ষণ কৰে। হাইলাকান্দিৰ উপায়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত এক পৰ্যালোচনা সভাত মন্ত্ৰীগৰাকীয়ে উপস্থিত থাকি উচ্চপদস্থ বিষয়াৰ পৰা উন্নয়নমূলক কাৰ্যসূচীৰ বুজ লয়। সাংবাদিকসকলৰ মুখামুখি হৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ সকলো উচ্চাকাংক্ষী জিলাৰ উন্নয়নৰ ফালে বিশেষ দৃষ্টি প্ৰদান কৰি বহু অভিলাখী আঁচনি গ্ৰহণ কৰিছে। আচঁনিসমূহৰ সফল ৰূপায়ন সম্পৰ্কে অৱগত হ’বলৈ হাইলাকান্দিলৈ অহা বুলি কয় লেখীয়ে৷ হাইলাকান্দি জিলাৰ দ্ৰুত উন্নয়নৰ বাবে আৰু বহু জনহিতকাৰী আঁচনি গ্ৰহণ কৰা হ’ব বুলিও সদৰি কৰে। মন্ত্ৰীগৰাকীৰ সৈতে আছিল কৰিমগঞ্জৰ সাংসদ কৃপানাথ মালা, বিধায়ক জাকিৰ হুছেইন লষ্কৰ।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে