March 28, 2023, 5:21 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

পশ্চিমবংগ দেশৰ একমাত্ৰ ৰাজ্য য’ত ৰাজনৈতিক হিংসাৰ ব্যৱসায় চলে

Reporter Name
  • Update Time : Tuesday, June 9, 2020
  • 145 Time View

ডিজিটেল ডেস্কঃ ক’ৰোনা সংকটৰ মাজতে ৰাজনৈতিক দলসমূহৰ ৰাজনৈতিক কুচ-কাৱাজ চলি আছে৷ শাসক-বিৰোধী সকলো দলে ক’ৰোনাকালত প্ৰভাৱ বিস্তাৰ কৰিবলৈ চেষ্টা কৰি থকা দেখা গৈছে৷ ক’ৰোনা সংকট কালত ৰাজহুৱা সভা অনুষ্ঠিত কৰাত বাধা আৰোপ কৰাৰ ফলত সামাজিক মাধ্যমত ভাৰ্চুৱেল ৰেলী যোগে শাসকীয় দলে ভোটাৰৰ সংস্পৰ্শত থাকিব বিচাৰিছে৷

কিয়নো দেশৰ দুখন বিশেষ ৰাজ্যত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব৷ দুয়োখন ৰাজ্য শাসকীয় বিজেপি দলৰ বাবে গুৰুত্বপূৰ্ণ৷ এখন হৈছে বিহাৰ আৰু আনখন হৈছে পশ্চিমবংগ ৰাজ্য৷ বিহাৰত বিজেপিয়ে জেডিইউৰ সৈতে লগলাগি চৰকাৰ চলাই আছে যদও পশ্চিংবংগত আজিলৈ বিজেপিয়ে চৰকাৰ গঠন কৰিব পৰা নাই৷

কেন্দ্ৰৰ শাসক দল বিজেপিয়ে জেডিইউৰ সৈতে লগলাগি বিহাৰ দখল কৰাৰ লগতে পশ্চিমবংগ অকলে দখল কৰিব খোজে৷ তাৰ মাজতে আজি বিজেপিৰ প্ৰাক্তন সভাপতি তথা দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে পশ্চিমবংগৰ বাবে ভাৰ্চুৱেল ৰেলী সম্বোধন কৰে৷ ডিজিটেল ৰেলী সম্বোধন কৰি পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক তীব্ৰ সমালোচনা কৰে শ্বাহে৷ মমতাক তীব্ৰ আক্ৰমণ কৰি কয় যে পশ্চিমবংগ দেশৰ একমাত্ৰ ৰাজ্য যত ৰাজনৈতিক হিংসাৰ ব্যৱসায় চলে৷ আমি লোকসভাত ৩০৩ খন আসনত জয়ী হৈছো৷ কিন্তু মোৰ বাবে এই ১৮ খন আসন গুৰুত্বপূৰ্ণ আছিল৷ যিকেইখন আসন আমি পশ্চমবংগত জয়ী হৈছো৷ যিদিনা ভাৰতীয় জনতা পাৰ্টীয়ে পশ্চিমবংগত চৰকাৰ গঠন কৰিব সিদিনাই ‘আয়ুস্মান ভাৰত’ যোজনা মুহূৰ্ততে কাৰ্যকৰী হ’ব৷ শ্বাহে আৰু কয় যে মই পশ্চিমবংগৰ জনতাক কব খোজে যে ২০১৪ চনত আৰু ২০১৯ চনত মোদীয়ে পুনৰ চৰকাৰ গঠন কৰিছে৷ মোদী চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ প্ৰথম বছৰৰ সমাপ্ত হ’ল৷ এই ৬ বছৰত ভাৰতবৰ্ষ বিভিন্ন দিশত আগুৱাই নিছে৷ ৬ বছৰত সমস্যা সমাধান কৰি থকা হৈছে৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে