কলকাতাঃ পশ্চিমবংগৰ বীৰভূমৰ ৰামপুৰ হাটত আঠজন লোকক জ্বলাই দিয়াৰ গোচৰত চিবিআইয়ে ২১ জন লোকক অভিযুক্ত হিচাপে চিনাক্ত কৰিছে। কেন্দ্ৰীয় চৰকাৰে তদন্তৰ দায়িত্ব চিবিআইক প্ৰদান কৰিছে৷ চিবিআই-এ সমগ্ৰ তদন্ত প্ৰক্ৰিয়াৰ এটা ভিডিঅ’ প্ৰস্তুত কৰিছে বুলি জানিব পৰা গৈছে৷ চিবিআইৰ দলটোৱে প্ৰথম দিনটোত ৰামপুৰহাট আৰক্ষী থানাত উপস্থিত হৈছিল। কেন্দ্ৰীয় তদন্ত সংস্থাটোৱে এছআইটিৰ পৰা কেছ ডায়েৰী আৰু অন্যান্য প্ৰয়োজনীয় নথিপত্ৰ গ্ৰহণ কৰে৷ ইয়াৰ পূৰ্বে শুকুৰবাৰে কলকাতা উচ্চ ন্যায়ালয়ে কয় যে গোচৰটোৰ তদন্ত চিবিআইয়ে কৰিব। ৰাজ্য চৰকাৰৰ এছআইটিয়ে গোচৰটোৰ উচিত তদন্ত কৰিব নোৱাৰিব। উচ্চ ন্যায়ালয়ে স্বতঃপ্ৰণোদিত ঘটনাক গুৰুত্ব দি শুনানি লৈছিল। মমতা বেনাৰ্জীৰ চৰকাৰে তদন্ত কেন্দ্ৰীয় সংস্থাক হস্তান্তৰ নকৰাৰ অনুৰোধ নাকচ কৰাৰ পিছতে কলকাতা উচ্চ ন্যায়ালয়ে গোচৰটো চিবিআইলৈ স্থানান্তৰ কৰিছে। মঙলবাৰে বীৰভূমত আঠজন লোকক জীৱিত ভাৱে জ্বলাই দিয়া হৈছিল। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও বীৰভূম হিংসাৰ গোচৰৰ সন্দৰ্ভত বগটুই গাঁও ভ্ৰমণ কৰিছে। এই সময়ছোৱাত মমতাই কয় যে অজুহাত নহয়, কিন্তু দায়বদ্ধ লোকসকলক গ্ৰেপ্তাৰ কৰাটো বিচাৰে। মমতা বেনাৰ্জীয়ে কয় যে মই কেতিয়াও ভবা নাছিলো যে আধুনিক বংগত ইমান বৰ্বৰতা থাকিব পাৰে। মাক আৰু কেঁচুৱাটোক হত্যা কৰা হৈছে। এক বৃহত্তৰ ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন কৰি তেওঁ কঠোৰ ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়। আৰক্ষীয়ে হত্যাৰ কাৰণ সকলো দিশৰ পৰা তদন্ত কৰিব।