নতুন দিল্লীঃ তালিবানে আফগানিস্তান দখল কৰাৰ পিছতে আফগান ৰাষ্ট্ৰপতি আশ্ৰাফ ঘানিয়ে দেশ ত্যাগ কৰিছিল। কোন দেশত বাহৰ পাতিছে সেই কথা স্পষ্ট হোৱা নাছিল যদিও শেহতীয়া সংযুক্ত আৰৱ আমিৰাটে এখন সংবাদমেল যোগে আশ্ৰাফ ঘানিয়ে তেওঁলোকৰ দেশত বাহৰ পাতিছে বুলি স্পষ্ট কৰে৷ সংযুক্ত আৰৱ আমিৰাতে বুধবাৰে কয় যে ৰাষ্ট্ৰপতি আশ্ৰাফ ঘানিক আতিথ্য দিয়া হৈছে৷
তালিবান অধিগ্ৰহণৰ মাজতে আফগানিস্তানৰ পৰা পলায়ন কৰাত মানৱীয় ভিত্তিত আশ্ৰায় দিয়া বুলি কয়। সংযুক্ত আৰৱ আমিৰাটে বৈদেশিক পৰিক্ৰমা আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতা মন্ত্ৰালয়ে নিশ্চিত কৰে৷ ৰাষ্ট্ৰপতি আশ্ৰাফ ঘানি আৰু তেওঁৰ পৰিয়ালক মানৱীয় ভিত্তিত দেশলৈ স্বাগতম জনাইছে বিবৃতি দিয়ে৷
তালিবানে আফগানিস্তান দখলৰ পিছত কাবুল এৰি ঘানিয়ে পলায়ন কৰিছিল। তালিবান বিদ্ৰোহীসকলে আফগান ৰাজধানীত বিনা যুঁজে কাবুল দখল কৰিছিল। এটা ফেচবুক পোষ্টত আশ্ৰাফ ঘানিয়ে কৈছিল যে তালিবান জিকিছিে আৰু তেওঁলোকে ৰক্তপাতৰ বানপানী প্ৰতিহত কৰিবলৈ আফগানিস্তান এৰিব লগা হৈছিল।
বুধবাৰৰ আগলৈ আশ্ৰাফ ঘানিৰ অৱস্থানৰ কোনো খবৰ স্পষ্ট হোৱা নাছিল। তাজিকিস্তান, উজবেকিস্তান বা ওমানলৈ পলাই গৈছিল বুলি অনুমান কৰা হৈছিল।
প্ৰথমবাৰ নহয় যে তেল সমৃদ্ধ উপসাগৰীয় দেশখনে প্ৰাক্তন নেতা আৰু নেতাৰ আত্মীয়ক আশ্ৰয় দিছে৷ ২০১৭ চনত ডুবাইৰ এমিৰেটে থাইলেণ্ডৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইংলাক চিনাৱাট্ৰাক আতিথ্য দিছিল।
স্পেইনৰ ৰজা জুয়ান কাৰ্লোছে যোৱা বছৰ আগষ্টত সংযুক্ত আৰৱ আমিৰাটত আত্মনিৰ্বাসনলৈ গুচি আহিছিল৷ পাকিস্তানী বিৰোধী নেতা বেনজীৰ ভুট্টোৰ আঠ বছৰৰ নিৰ্বাসনৰ সময়ত আৰু পাকিস্তানত হত্যাৰ আগতে সংযুক্ত আৰৱ আমিৰাটত আছিল।