March 28, 2023, 2:58 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

পলাই পত্ৰং দিলে মূল্যবৃদ্ধিয়ে, হিন্দুত্ববাদৰ ৰাজনীতিৰ সন্মুখত বিধ্বস্ত CONG-AJP-AAP

Reporter Name
  • Update Time : Sunday, April 24, 2022
  • 79 Time View

কংগ্ৰেছৰ প্ৰতি মোহভংগ হৈছে গুৱাহাটীৰ মহানগৰীৰ ভোটাৰৰ৷ একালৰ কংগ্ৰেছৰ দুৰ্গত আজি কংগ্ৰেছে এখনো আসনত জয়ী হ’ব নোৱাৰিলে৷ একালত গুৱাহাটীত দপদপাই থকা কংগ্ৰেছে আজি অস্তিত্বৰ সৈতে যুঁজিছে৷ ৯ বছৰৰ মূৰত অনুষ্ঠিত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত ৬০ খন আসনৰ ভিতৰত কংগ্ৰেছে এখন আসনতো জয়ী হ’ব নোৱাৰিলে৷ হিন্দুত্ববাদৰ ৰাজনীতিত বিধ্বস্ত হৈ পৰিল কংগ্ৰেছ৷ বিৰোধীয়ে বাৰে বাৰে মূল্যবৃদ্ধিৰ কথা কৈ আহিছে৷ কিন্তু বিজেপিৰ হিন্দুত্ববাদৰ ৰাজনীতিত মূল্যবৃদ্ধিয়ে পলাই পত্ৰং দিলে৷ বিৰোধীয়ে মূল্য বৃদ্ধিৰ কথা কৈ আহিছে যদিও নাগৰিকে মূল্যবৃদ্ধিৰ কথা ভ্ৰুক্ষেপ নকৰি বিজেপিক ইচ্ছামতেই ভোটদান কৰিলে৷ এই কথা পুনৰ প্ৰমাণ হ’ল যে এতিয়াৰ ভোটৰ ৰাজনীতিত দাম বৃদ্ধি বিষয় হ’ব নোৱাৰে৷ কিয়নো এতিয়াৰ ৰাজনীতিত আগন্তুক দীৰ্ঘ সময়ৰ বাবে কেৱল হিন্দুত্ববাদ বিষয় হৈ থাকিব৷ শাসকীয় বিজেপি মিত্ৰজোঁটে গুৱাহাটী পৌৰ নিগমত সংখ্যাষ্ঠগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হৈছে। অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পাৰ্টী, অসম জাতীয় পৰিষদে এটা এটা ৱাৰ্ডত বিজয় সাব্যস্ত কৰিছে। ফলাফল অনুসৰি ৬০ খন আসনৰ ভিতৰৰে মুঠ ৫৮ খন আসনত অগপ-বিজেপিৰ প্ৰাৰ্থী জয়ী হৈছে। বিজেপিৰ তিনিগৰাকী প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয়ী হৈছে। ১নং ৱাৰ্ডত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী হুকুম চান্দ বক্সি আৰু ৪২নং ৱাৰ্ডত আপৰ প্ৰাৰ্থী মাছুমা বেগমে বিজয়ী হৈছে। ৯ বছৰ আগতে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত দপদপাই থকা কংগ্ৰেছ এইবাৰ সম্পূৰ্ণৰূপে ধূলিস্যাৎ হৈ পৰিল।

১নং ৱাৰ্ডত অসম জাতীয় পৰিষদৰ হুকুম চান আলী বক্সিৰ জয়।

২নং ৱাৰ্ডত বিজেপিৰ মুকুল কলিতাৰ জয়লাভ।

৩নং ৱাৰ্ডত বিজেপিৰ কল্লোল চক্ৰৱৰ্তীৰ জয়।

৪নং ৱাৰ্ডত বিজেপিৰ কনকলতা দেৱৰ জয়।

৫নং ৱাৰ্ডত বিজেপিৰ সঞ্জয় দাসৰ জয়।

৬নং ৱাৰ্ডত বিজেপিৰ সুতাপা সৰকাৰৰ বিনাপ্ৰতিদ্বন্দ্বিতাৰে জয়।

৭নং ৱাৰ্ডত বিজেপিৰ ৰিংকুমণি ব্ৰহ্ম জয়ী।

৮নং ৱাৰ্ডত বিজেপিৰ সুধন্য মালাকাৰ জয়ী।

৯নং ৱাৰ্ডত বিজেপিৰ অৰ্চনা দাস বিজয়ী।

১০নং ৱাৰ্ডত অগপৰ কল্পনা দাস জয়ী।

১১নং ৱাৰ্ডত বিজেপিৰ মঞ্জুলা দেৱীৰ জয়।

১২নং ৱাৰ্ডত অগপ প্ৰাৰ্থী দীপাংকৰ বৈশ্যৰ জয়।

১৩নং ৱাৰ্ডত অগপৰ পূৰবী তালুকদাৰৰ জয়।

১৪নং ৱাৰ্ডত বিজেপিৰ মঞ্জু বৰাৰ জয়।

১৫নং ৱাৰ্ডত বিজেপিৰ সৌৰভ জুনজুনৱালা জয়ী।

১৬নং ৱাৰ্ডত বিজেপিৰ প্ৰমোদ স্বামীৰ জয়।

১৭নং ৱাৰ্ডত বিজেপিৰ স্নিগ্ধা বৰুৱাৰ জয়।

১৮নং ৱাৰ্ডত বিজেপিৰ শংকৰ চক্ৰৱৰ্তীৰ জয়।

১৯নং ৱাৰ্ডত বিজেপিৰ ব্ৰিজেশ ৰয়ৰ জয়।

২০নং ৱাৰ্ডত বিজেপিৰ দৌল গোপাল মণ্ডলৰ জয়।

২১নং ৱাৰ্ডত বিজেপিৰ সন্দীপ দেৱৰ জয়।

২২নং ৱাৰ্ডত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ বিজেপিৰ স্মৃতা ৰয়ৰ।

২৩নং ৱাৰ্ডত বিজেপিৰ মঞ্জিতা দৈমাৰীৰ জয়।

২৪নং ৱাৰ্ডত অগপৰ বিজু মেধীৰ জয়।

২৫নং ৱাৰ্ডত বিজেপিৰ মঞ্জুলা ৰাভা জয়ী।

২৬নং ৱাৰ্ডত বিজেপিৰ ৰাণা চেতিয়াৰ জয়।

২৭নং ৱাৰ্ডত বিজেপিৰ ৰিংকু মণি বৰাৰ জয়।

২৮নং ৱাৰ্ডত বিজেপিৰ স্নিগ্ধা দৈমাৰী জয়ী।

২৯নং ৱাৰ্ডত বিজেপিৰ মৃগেন শৰণীয়া জয়ী।

৩০নং ৱাৰ্ডত বিজেপিৰ বিনীতা দত্ত চৌধুৰী জয়ী।

৩১নং ৱাৰ্ডৰ বিজেপি প্ৰাৰ্থী ৰত্না সিঙৰ জয়।

৩২নং ৱাৰ্ডত বিজেপিৰ নিলম জ্যোতি ভূঞাৰ জয়।

৩৩নং ৱাৰ্ডত অগপ প্ৰাৰ্থী মীৰা দাস চহৰীয়াৰ জয়।

৩৪নং ৱাৰ্ডত বিজেপিৰ জোনমণি বৰাৰ জয়।

৩৫নং ৱাৰ্ডত বিজেপিৰ নবীন বৰাৰ জয়।

৩৬নং ৱাৰ্ডত বিজেপিৰ মেঘ্না হাজৰিকাৰ জয়।

৩৭নং ৱাৰ্ডত বিজেপিৰ স্বপ্না দেৱীৰ জয়।

৩৮নং ৱাৰ্ডত বিজেপি শশাংক জ্যোতি ডেকাৰ জয়।

৩৯নং ৱাৰ্ডত বিজেপিৰ অভিক সৌম জয়ী।

৪০নং ৱাৰ্ডত বিজেপিৰ ববিতা ডেকা জয়ী।

৪১নং ৱাৰ্ডত বিজেপিৰ বাসন্তী কলিতা দুৱাৰাৰ জয়।

৪২নং ৱাৰ্ডত আম আদমি পাৰ্টীৰ মাছুমা বেগমৰ জয়লাভ।

৪৩নং ৱাৰ্ডত বিজেপিৰ অঞ্জনা বৰাৰ জয়।

৪৪নং ৱাৰ্ডত বিজেপিৰ সত্যেন্দ্ৰ নাথ ভট্টৰ জয়।

৪৫নং ৱাৰ্ডত বিজেপিৰ মাধৱী তালুকদাৰ জয়ী।

৪৬নং ৱাৰ্ডত বিজেপিৰ আশিস ভৰালী জয়ী।

৪৭নং ৱাৰ্ডত বিজেপিৰ প্ৰফুল্ল মহন্ত জয়ী।

৪৮নং ৱাৰ্ডত বিজেপিৰ দুলুমণি কাকতিৰ জয়।

৪৯নং ৱাৰ্ডত বিজেপিৰ অৰূপ ডেকা জয়ী।

৫০নং ৱাৰ্ডত বিজেপিৰ উৎপল মহন্তৰ জয়।

৫১নং ৱাৰ্ডত বিজেপিৰ ডিম্পল ৰাভাৰ জয়।

৫২নং ৱাৰ্ডত বিজেপিৰ গকুল গোস্বামীৰ জয়লাভ।

৫৩নং ৱাৰ্ডত বিজেপিৰ লিপিকা পাটোৱাৰী কলিতাৰ জয়।

৫৪নং ৱাৰ্ডত বিজেপিৰ গীতা ঠাকুৰীয়াৰ জয়।

৫৫নং ৱাৰ্ডত বিজেপিৰ মনোজ কুমাৰ নাথ বিজয়ী।

৫৬নং ৱাৰ্ডত বিজেপিৰ ৰাখী বৰাৰ জয়।

৫৭নং ৱাৰ্ডত বিজেপিৰ কবিতা শৰ্মা জয়ী।

৫৮নং ৱাৰ্ডত বিজেপিৰ গৌৰী বৰা জয়ী।

৫৯নং ৱাৰ্ডত বিজেপিৰ অসীম শইকীয়া জয়ী।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে