বিজেপিৰ এজন মুখপাত্ৰই পয়গম্বৰ মহম্মদৰ ওপৰত শেহতীয়াকৈ কৰা বিতৰ্কিত মন্তব্যৰ পিছত শুকুৰবাৰে উত্তৰ প্ৰদেশৰ কানপুৰত বজাৰ বন্ধ ৰখাৰ আহ্বানক লৈ দুটা গোটৰ মাজত সংঘৰ্ষ হয়। এটা দলে আনটো গোটে আহ্বান কৰা বন্ধৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ সময়তে শিল বৰ্ষণ কাণ্ড সংঘটিত হয়৷ ফলত আৰক্ষীয়ে গুলীচালনা কৰিবলগীয়া হয়। জনতাক ছত্ৰভংগ দিবলৈ আৰু অধিক হিংসা প্ৰতিহত কৰিবলৈ আৰক্ষীয়ে গেছ নিক্ষেপ কৰিব লগা হয়।
কানপুৰৰ আৰক্ষী আয়ুক্ত বিজয় সিং মীনাই কয় যে পৰিস্থিতি এতিয়া নিয়ন্ত্ৰণত আছে আৰু সংঘৰ্ষৰ সন্দৰ্ভত এতিয়ালৈকে প্ৰায় ১৫ জন লোকক আটক কৰা হৈছে। গুলীচালনা আৰু সংঘৰ্ষৰ সময়ত পেট্ৰ’ল বোমাও ব্যৱহাৰ কৰা হৈছিল বুলি উৰাবাতৰিক অস্বীকাৰ কৰে। এতিয়ালৈকে দুজন লোক আহত হোৱা দেখা গৈছে।
৫০ ৰ পৰা ১০০ জনীয়া যুৱকৰ দলে হঠাতে ৰাজপথলৈ ওলাই আহি শ্ল’গান দিবলৈ আৰম্ভ কৰিছিল। আন এটা দলে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল আৰু তাৰ পিছত শিলগুটি নিক্ষেপ আৰম্ভ কৰিছিল। ঘটনাস্থলীত প্ৰায় আঠৰ পৰা দহজন আৰক্ষী উপস্থিত আছিল, যিসকলে হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিছিল আৰু কিছু পৰিমাণে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছিল।