গোৱালপাৰাঃ গোৱালপাৰাত পথ মেৰামতিৰ দাবীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি প্ৰতিবাদ সাব্যস্ত কৰে সোমবাৰে৷ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে বিভাগীয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু স্থানীয় বিধায়ক এ কে ৰশ্বিদ আলমৰ প্ৰতিমূৰ্তি দাহ কৰি পথ নিৰ্মাণৰ দাবী জনায়৷ গোৱালপাৰাৰ পঞ্চৰত্ন-দুধনৈ সংযোগী পথ মেৰামতি কৰা দাবীত বিভাগীয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু স্থানীয় বিধায়ক এ কে ৰশ্বিদ আলমৰ প্ৰতিমূৰ্তি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ মুক্তিয়ে।
পথটোৰ ৪৬নং ৰাজ্যিক ঘাইপথৰ ডি-ব্লক ডুবাপাৰাৰ পৰা বিওচি লৈ নিৰ্মাণৰ কাম বন্ধ হৈ থকাত ক্ষোভিত ছাত্ৰ মুক্তিৰ শতাধিক নেতা-কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰে৷ ৪৬নং ৰাজ্যিক ঘাইপথত পুৱা প্ৰায় ৯ বজাত ছাত্ৰ মুক্তিৰ শতাধিক প্ৰতিবাদকাৰীয়ে বিজেপি চৰকাৰ মুর্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মুর্দাবাদ, বিধায়ক এ কে ৰশ্বিদ আলম মুর্দাবাদ, গড়কাপ্তানী বিভাগ মুর্দাবাদ, ঘাইপথৰ নিৰ্মাণ আৰম্ভ কৰা আদি শ্ল’গানেৰে উত্তাল পৰিবেশৰ সৃষ্টি কৰে।
ছাত্ৰ মুক্তিৰ গোৱালপাৰা জিলা সমিতিৰ সভাপতি আমিনুল হকে ২০১২ বৰ্ষত আৰম্ভ কৰা ৰাজ্যিক ঘাইপথৰ চি-ব্লকৰ কাম এতিয়ালৈকে সম্পূৰ্ণ হৈ নুঠিল বুলি কয়। বিভাগীয় ভুল আৰু দুৰ্বলতাৰ বাবে চি-ব্লকৰ কামৰ নিবিদালৈ দুই পক্ষৰ গোচৰ উচ্চ ন্যায়ালয় পালেগৈ। পৰৱৰ্তী সময়ত গোচৰৰ মীমাংসা হয় যদিও আজি এবছৰতকৈ অধিক সময় পাৰ হৈ যোৱাৰ পিছতো কাম আৰম্ভ নকৰাৰ ফলত এটা দশক ধৰি গোৱালপাৰা পূৱ অঞ্চলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পথছোৱাৰ জৰাজীৰ্ণ ৰূপৰ বাবে যমৰ-যাতনা ভুগিব লগা হৈছে সাধাৰণ জনতাই। স্থানীয় বিধায়ক এ কে ৰশ্বিদ আলমে বিষয়টো গুৰুত্বসহকাৰে লৈ সমাধান কৰিবলৈ চেষ্টা নকৰাত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে আন্দোলন কাৰ্য্যসূচী লবলৈ বাধ্য হৈছে বুলি জানিবলৈ দিয়ে সভাপতি হকে।