জয়ন্ত মুদৈ, বেবেজীয়াঃ নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ কাছমাৰী অঞ্চলৰ এজন সৰবৰহী যুৱকৰ পথ দুৰ্ঘটনাত অকাল মৃত্যু ঘটাত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে৷ প্ৰাপ্ত খবৰ মতে, কাছমাৰীৰ ম’হেখুছা নিবাসী দীপক নাথৰ পুত্ৰ অৰুণ নাথ (৩০) বুধবাৰে নিশা এখন বাইকেৰে নিজৰ শহুৰৰ ঘৰলৈ গৈ থকা অৱস্থাত নগাঁও চহৰৰ পাশ্চবৰ্তী উৰিয়াগাঁৱত এখন অচিনাক্ত বাহনে যুৱকজনৰ বাইকখন মহতিয়াই নিয়াত আহত হয় যুৱকজন৷ পিছত আৰক্ষীয়ে আঘাতপ্ৰাপ্ত যুৱকজনক উদ্ধাৰ কৰি নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ লগতে যুৱকজনৰ পৰিয়ালক খবৰ দিয়ে৷ পিছত পৰিয়ালৰ লোক চিকিৎসালয়ত উপস্থিত হৈ সামান্য আৰাম অনুভৱ কৰা যুৱকজনক ঘৰলৈ লৈ আহে যদিও আজি পুৱা যুৱকজনে নিজ বাসগৃহতে শেষ নিশ্বাস ত্যাগ কৰে৷ মিস্ত্ৰী হিচাপে কৰ্মৰত অতি অমায়িক স্বভাৱৰ যুৱকজনৰ এনে মৃত্যুত অঞ্চলজুৰি শোকাকুল পৰিবেশৰ সৃষ্টি হৈছে৷ মৃত্যুৰ সময়ত যুৱকজনে পত্নী আৰু কন্যাসহ বহু আত্মীয়-স্বজনক ইহসংসাৰত এৰি থৈ যায়৷