মণ্টু শৰ্মা, সৰুপথাৰঃ মঙলবাৰে নিশা গোলাঘাট জিলাৰ নুমলীগড় বিষ্ণুপুৰত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত থিতাতে নিহত হয় সৰুপথাৰ সমষ্টিৰ বিজেপিৰ মৰঙী মণ্ডলৰ সম্পাদক গণেশ চেত্ৰী। জানিব পৰা মতে, পথৰ কাষত ৰখাই থোৱা এখন বাহনত মটৰ চাইকেলেৰে খুন্দা মৰাৰ ফলতে সংঘটিত হয় এই দুৰ্ঘটনা। কোনো পাৰ্কিং লাইট নিদিয়াকৈ পাঞ্জাৱ ইঞ্জিনীয়াৰিং কোম্পানীৰ ৰখাই থোৱা এখনত বাহনত মটৰ চাইকেলেৰে খুন্দা মৰাৰ ফলত থিতাতে নিহত হয় সৰুপথাৰ সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ এজন শীৰ্ষ কৰ্মী গণেশ চেত্ৰী। তেওঁ সামাজিক মাধ্যম ফেচবুকত বিজেপি দলৰ প্ৰচাৰৰ দায়িত্ব সক্ৰিয়ভাৱে পালন কৰি আহিছিল। তেওঁৰ মৃত্যুত সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ লগতে গোলাঘাট জিলাৰ বিজেপি কৰ্মীসকলে গভীৰ শোক প্ৰকাশ কৰিছে। যুৱ কৰ্মীজন ব’হাগ মাহতে বিবাহ পাশত আৱদ্ধ হোৱাৰ কথা আছিল বুলি জানিব পৰা গৈছে।