টীয়কঃ টীয়ক নগৰৰ দুটা ৱাৰ্ডত বানপানী সদৃশ পৰিবেশৰ সৃষ্টি হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ ঘাইপথ নিৰ্মাণকাৰী সংস্থা আৰু পৌৰ সভাৰ দায়িত্বজ্ঞানহীন কাণ্ডৰ বাবে ঘৰ-বৰ ডুব যোৱাত হাহাকাৰ কৰিব লগা হৈছে টীয়ক নগৰৰ দুটাকৈ ৱাৰ্ডৰ বাসিন্দাই৷ ৰাইজৰ কথা নিচিন্তি ৰাইজক
পণবন্দী কৰাৰ গুৰুতৰ অভিযোগ উঠিছে৷ নগৰৰ পানী নিস্কাশনৰ নামত এটা অঞ্চলৰ অহা-যোৱা কৰা পথ খান্দি থোৱাৰ ফলত এতিয়া পানীত ডুব গৈছে ৱাৰ্ড দুটা৷ চাৰিলেনযুক্ত ঘাইপথ নিৰ্মাণকাৰী সংস্থা আৰু টীয়ক পৌৰসভাৰ অবিবেচকী কাণ্ডৰ ফলত প্লাৱিত হৈছে বিস্তিৰ্ণ অঞ্চল। ৱাৰ্ড দুটালৈ আহ-যাহ কৰা প্ৰধান পথ খান্দি থোৱাৰ ফলততেই পানী সোমাই আহি প্লাৱিত হৈ পৰিছে৷
টীয়ক পৌৰসভাৰ পৰিকল্পনা বিহীন নীতি আৰু চাৰিলেন যুক্ত পথ নিৰ্মাণকাৰী সংস্থাৰ অবিবেচক কাণ্ডই জীয়াতু ভোগাইছে সাধাৰণ জনতাক৷ টীয়ক আৰু পুথি নৈৰ বাঢ়নী পানীত টীয়ক নগৰৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰেৰে পানী বাগৰাৰ সমান্তৰালভাৱে দুটাকৈ ৱাৰ্ড এতিয়া পানীৰ তলত৷ ইপিনে ঘাইপথৰ ওপৰেৰে পানী বাগৰাৰ ফলত দুৰ্ঘটনাৰ আশংকা বৃদ্ধি পাইছে। যোৱাকালি সন্ধিয়া টীয়ক পৌৰসভা আৰু চাৰিলেনযুক্ত পথ নিৰ্মাণকাৰী সংস্থাৰ এক কাণ্ডই চকু কপালত তুলিছে ৰাইজৰ৷ আনহাতে পুঁথি নৈৰ ৰিংবান্ধ ভগাৰ ফলত বানৰ কৱলত পৰিছে টীয়ক নগৰৰ ২-৩ নং ৱাৰ্ড।